প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১.৭৫ কোটি ঘৰ সম্পূৰ্ণ: কেন্দ্ৰ

pc ANi News

প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১.৭৫ কোটি ঘৰ সম্পূৰ্ণ: কেন্দ্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ (পিএমএৱাই-জি)ৰ অধীনত প্ৰায় ১.৭৫ কোটি ঘৰ সম্পূৰ্ণ কৰা হৈছে, গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিয়ে কয়। ২০২২ চনৰ ৯ মাৰ্চলৈকে হিতাধিকাৰীসকলক প্ৰায় ২.২৮ কোটি ঘৰ মঞ্জুৰ কৰা হৈছিল, তেওঁ লগতে কয়। কেন্দ্ৰীয় কেবিনেটে বাকী থকা ঘৰবোৰ সম্পূৰ্ণ কৰাৰ বাবে ২০২৪ চনৰ মাৰ্চ লৈকে পিএমএৱাই-জি অব্যাহত ৰখাত অনুমোদন জনাইছে, জ্যোতিয়ে কয়।