প্ৰধানমন্ত্ৰীৰ ১৪ জুলাইত প্ৰথম ভাৰত-ইজৰাইল-ইউএই-আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ

Pc Free Press Journal

প্ৰধানমন্ত্ৰীৰ ১৪ জুলাইত প্ৰথম ভাৰত-ইজৰাইল-ইউএই-আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাইত প্ৰথম I2U2 (ভাৰত-ইজৰাইল-ইউএই-আমেৰিকা যুক্তৰাষ্ট্ৰ) নেতাসকলৰ ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়াইৰ লাপিদ আৰু ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে সন্মিলনখনত অংশগ্ৰহণ কৰিব। লক্ষণীয়ভাৱে, বাইডেনৰ মধ্যপ্ৰাচ্যৰ চাৰিদিনীয়া ভ্ৰমণৰ সময়ত এই সন্মিলন অনুষ্ঠিত হ’ব।