প্ৰদেশ কংগ্ৰেছৰ ’যুৱ সৰ্বোদয় সংকল্প শিবিৰ’

প্ৰদেশ কংগ্ৰেছৰ ’যুৱ সৰ্বোদয় সংকল্প শিবিৰ’

ৰঙিলী বাৰ্ত্তাসেৱা-  নিখিল ভাৰত যুৱ কংগ্রেছ কমিটীৰ তত্বাৱধানত অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ ৰুপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনত তিনি দিনীয়া কাৰ্যসূচীৰে “যুৱ সৰ্বোদয় সংকল্প শিবিৰ” ভাৰত নিৰ্মান শীৰ্ষক এক বিশেষ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভনি কৰা হয়। অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই পতাকা উত্তোলন আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিকৃতিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰি  এই প্ৰশিক্ষণ শিবিৰৰ শুভ উন্মোচন কৰে। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰীয়ে আঁত ধৰা এই উন্মোচনী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক ডাঃ আছিফ নজৰ, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদিকা চৰিফা ৰহমান, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক কৃদীপ বৰ্মন, ৰফিকুল হুছেইন উপস্থিত থাকে। যুৱ কংগ্রেছৰ এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰশিক্ষনৰ তত্বাবধায়ক চিতাৰাম লাম্বা আৰু সম্পাদক তথা প্ৰদেশ যুৱ কংগ্ৰেছ প্ৰশিক্ষণ শিবিৰৰ তত্বাৱধায়ক অভিজিত সৰকাৰ উপস্থিত থাকে ।