প্ৰথম ভাৰতীয় মহিলা হিচাপে বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত অংশু মালিক

pc- Olympics

প্ৰথম ভাৰতীয় মহিলা হিচাপে বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত অংশু মালিক

অনলাইন বাৰ্ত্তাসেৱা-  মল্লযোদ্ধা অংশু মালিক ৫৭ কিলোগ্ৰাম বিভাগত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা ইতিহাসৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিছে। গীতা ফোগাট আৰু ববিতা ফোগাটকে ধৰি মাত্ৰ চাৰিগৰাকী ভাৰতীয় মহিলাই বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰিছে আৰু সকলোৱে ব্ৰঞ্জ লাভ কৰিছে। অংশু মালিকে  ৫৭ কিলোগ্ৰাম বিভাগত জুনিয়ৰ ইউৰোপিয়ান চেম্পিয়ন চোলোমিয়া ভিনিকক পৰাস্ত কৰে।