প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ৫ নৱেম্বৰত কেদাৰনাথ ভ্ৰমণ কৰিব

Pc- India TodAY

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ৫ নৱেম্বৰত কেদাৰনাথ ভ্ৰমণ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৫ নৱেম্বৰত উত্তৰাখণ্ডৰ কেদাৰনাথ ভ্ৰমণ কৰিব। তেওঁ কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শ্ৰী আদি শংকৰাচাৰ্যৰ সমাধি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি এটাও উম্মোচন কৰিব। উল্লেখযোগ্য যে ২০১৩ চনৰ বানপানীত ধবংসপ্রাপ্ত হোৱা এই সমাধিটো সম্প্রতি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই পুনৰ নিৰ্মাণকাৰ্য প্ৰধানমন্ত্রী মোদীৰ পৰামৰ্শৰে সম্পন্ন হোৱাৰ লগতে প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়টো তেওঁ নিয়মীয়াকৈ পর্যালোচনা কৰি আছিল। নিজৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে সৰস্বতী আস্থাপথ কাম-কাজৰো বুজ ল’ব। তদুপৰি কেদাৰনাথ ভ্ৰমণৰ সময়ত তেওঁ এখন জনসভাত ভাষণ দিয়াৰ লগতে তীৰ্থ পুৰোহিত গৃহ আৰু মন্দাকিনী নৈৰ ওপৰত নিৰ্মাণ কৰা গৰুড় ছাত্তী দলঙকে ধৰি কেইবাটাও বুনিয়াদী গাঁথনিৰ প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ১৩০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয়সাপেক্ষে এই প্রকল্পসমূহৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰি তোলা হৈছে। উত্তৰাখণ্ড ভ্ৰমণলৈ যাবলগীয়া প্রধানমন্ত্রী মোদীয়ে ১৮০ কোটি টকাৰো অধিক পুঁজি ব্যয় হ’বলগীয়া সংগম ঘাটৰ উন্নয়ন সাধন, প্রাথমিক চিকিৎসা আৰু পৰ্যটক সাহায্য কেন্দ্র, প্রশাসনীয় কার্যালয় আৰু চিকিৎসালয়, দুটা অতিথ্রিশালা, থানা আদি কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।