পাণ্ডুঘাটৰ দেৱী বিসর্জনস্থলীত মুখ্যমন্ত্ৰী 

পাণ্ডুঘাটৰ দেৱী বিসর্জনস্থলীত মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- বিজয়া দশমীৰ বিসর্জন অনুষ্ঠানৰ মাজতে গুৱাহাটীৰ পাণ্ডুঘাটৰ প্ৰতিমা বিসর্জনস্থলীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমীৰ পৱিত্ৰ ক্ষণত পাণ্ডুঘাটৰ দেৱী বিসর্জনস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে বিসৰ্জনৰ কাৰ্যসূচী প্রত্যক্ষ কৰাৰ লগতে উদ্যোক্তাসকলৰ লগতে পাণ্ডুৰ স্থানীয় বাসিন্দাসকলৰ সৈতেও বার্তালাপত মিলিত হয়। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত মন্তব্য কৰে যে গুৱাহাটীত পূজাৰ সংখ্যা বৃদ্ধি পাইছে যদিও কোনো অশান্তি আৰু বিশৃংখল এই সময়ছোৱাত সংঘটিত হোৱা নাই। বিজয়া দশমীৰ পৱিত্ৰ ক্ষণত সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে লিখিছে- শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ পৱিত্ৰ ক্ষণত শান্তি আৰু আনন্দমুখৰ পৰিৱেশৰ মাজত অগণন ভক্তিপ্ৰাণ লোকৰ উপস্থিতিত গুৱাহাটীৰ পাণ্ডু ঘাটৰ দেৱী বিসৰ্জনস্থলীত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰোঁ। মা দুৰ্গাৰ আশীৰ্বাদে প্ৰতিগৰাকী অসমবাসীৰ জীৱনলৈ শান্তি, সমৃদ্ধি, শক্তি আৰু মংগল কঢ়িয়াই আনক। ভক্তি, সম্প্ৰীতি আৰু ঐক্যৰ এনাজৰীৰে আমাৰ সমাজ সদায় সমৃদ্ধ হৈ থাকক এয়াই অন্ত:কৰণেৰে কামনা কৰোঁ। মা– আকৌ আহিবা। আনহাতে এই পৰিৱেশক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- বিজয়া দশমী হৈছে অপশক্তিৰ বিৰুদ্ধে শক্তিৰ বিজয়। যোৱা কেইটামান দিনত যি অপশক্তিয়ে গা কৰি উঠিছিল, বিজয়া দশমী কাষ চপাৰ লগে লগে এই অপশক্তিবোৰ ইতিমধ্যে ম্লান হৈছে। মই ভাবোঁ, আমি সদায়ে সমাজত অশুভ শক্তিৰ পৰাজয় আৰু শুভ শক্তিৰ বিজয় দেখা পাম, এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে আৰু আগলৈও চলি থাকিব।