উৎসৱৰ কোলাহল, আধুনিকতাৰ মৰীচিকা আৰু উৱলি যোৱা অনুশাসন: বুকুত জুই লৈ মাক-দেউতাকৰ চকুৰ পানী – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

উৎসৱৰ কোলাহল, আধুনিকতাৰ মৰীচিকা আৰু উৱলি যোৱা অনুশাসন: বুকুত জুই লৈ মাক-দেউতাকৰ চকুৰ পানী

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

দুৰ্গা পূজা, লক্ষ্মী পূজা, ৰাস বা বিহু—অসমীয়া জাতীয় জীৱনৰ বুকুত এইবোৰ কেৱল উৎসৱ নহয়, এয়া আমাৰ আবেগ, সংস্কৃতি আৰু সম্প্ৰীতিৰ একো একোটা পবিত্ৰ সুঁতি। শৰতৰ শেৱালিৰ সুবাসে হওক বা বসন্তৰ কুলীৰ মাতেই হওক, উৎসৱৰ আগমন ঘটিলেই আমাৰ সমাজখন আনন্দ আৰু উলাহেৰে জিলিকি উঠে। চাৰিওফালে পোহৰৰ মেলা, বুকু জোকাৰি যোৱা ঢোল-খোলৰ ধ্বনি আৰু মানুহৰ অপূৰ্ব মিলন। কিন্তু অতি পৰিতাপৰ কথা যে, আজিৰ তাৰিখত এই পবিত্ৰ উৎসৱৰ দিনবোৰতেই আমাৰ ৰাজপথসমূহ একো একোখন তেজৰ নৈ বৈ যোৱা ভয়ংকৰ কছাৰীশাললৈ ৰূপান্তৰিত হৈছে। উৎসৱৰ এই অনাবিল আনন্দক একাংশ পথভ্ৰষ্ট যুৱক-যুৱতীয়ে সুৰাৰ ৰাগী আৰু তীব্ৰবেগী বাহনৰ উন্মাদনাৰে কলংকিত কৰি তুলিছে। বাহন চলোৱাটো অপৰাধ নহয়, ই জীৱনৰ এক অনিবাৰ্য প্ৰয়োজন। কিন্তু যেতিয়া এজন চালকে সুৰাৰ নিচাত নিজৰ বিবেক-চেতনা বিসৰ্জন দি নিয়ন্ত্ৰণহীনভাৱে বাহনৰ গতিবেগ ‘হাই-স্পীড’লৈ লৈ যায়, তেতিয়া মৃত্যুৰ বিভীষিকা নামি অহাটো একেবাৰে নিশ্চিত হৈ পৰে।

আটাইতকৈ বেদনাদায়ক বিড়ম্বনাটো হ’ল, আজি আমাৰ সমাজত ঘৰৰ পোহনীয়া গৰু-ছাগলী এজনী গধূলি সময়ত হেৰাই থাকিলে মানুহে বুকুৰ ধপধপনিৰে টৰ্চ লাইট জ্বলাই গোটেই খন হাহাকাৰ কৰি বিচাৰি ফুৰে। কিন্তু আচৰিত! নিজৰ বুকুৰ আমঠু সন্তানটো গোটেই দিন-ৰাতি ক’ত কাৰ সৈতে উচ্ছন্ন হৈ ঘূৰি ফুৰিছে, তাৰ খবৰ ল’বলৈ বহু মাক-দেউতাকৰ আহৰি নাই। তথাকথিত আধুনিকতাৰ ভণ্ড মুখা পিন্ধি আৰু টকা-পইচাৰ অন্ধ মোহত বিলীন হৈ একাংশ অভিভাৱকে সন্তানক সঠিক স্নেহ আৰু সময় নিদিয়া হৈছে। সন্তানৰ সপোনক বুজি পোৱাৰ পৰিৱৰ্তে দামী মোবাইল, ব্ৰেণ্ডেড কাপোৰ, হাতত প্ৰচুৰ পইচা আৰু তীব্ৰবেগী বাইক-গাড়ী তুলি দিয়িয়েই তেওঁলোকে নিজৰ দায়িত্ব শেষ হোৱা বুলি আত্মসন্তুষ্টি লাভ কৰে। এইয়া মৰম নহয়, এয়া আচলতে সন্তানৰ ভৱিষ্যতৰ চিতালৈ খৰি যোগান ধৰা এক আত্মঘাতী প্ৰক্ৰিয়াহে।

টকা আৰু ক্ষমতাৰ গৰ্বত অন্ধ হৈ বিশেষকৈ ধনী পৰিয়ালৰ একাংশ উশৃংখল ল’ৰা-ছোৱালীয়ে ৰাজপথক নিজৰ খেলাঘৰ বুলি ভাবি লয়। তেওঁলোকৰ এই অহংকাৰী তাণ্ডৱৰ বলি সদায় হ’বলগা হয় কোনো পৰিয়ালৰ নিৰীহ মানুবোৰ। কোনো এজন দুখীয়া ব্যক্তি, যিয়ে হয়তো দিনটো হাড়ভঙা পৰিশ্ৰম কৰি নিজৰ পৰিয়ালৰ বাবে দুমুঠি অন্ন যোগাৰ কৰিছিল অথবা নিজৰ আই-বোপাই, সৰু ল’ৰা-ছোৱালীক লৈ পবিত্ৰ পূজা চাবলৈ আনন্দ মনেৰে ওলাই আহিছিল, তেনে এজন নিৰীহ পথচাৰীক এই মদমত্ত চালকবোৰে মুহূৰ্তৰ ভিতৰতে মহতিয়াই লৈ যায়। এটা ওফন্দি থকা সুন্দৰ সপোন, এটা হাঁহি-ধেমালিৰে ভৰা দুখীয়া পৰিয়াল মাত্ৰ কেইচেকেণ্ডমানৰ উশৃংখলতাৰ বাবে চিৰদিনৰ বাবে নিচিহ্ন হৈ পৰে। যিজন পুত্ৰ বা কন্যাক বুকুত বান্ধি হেজাৰ সপোনেৰে ডাঙৰ-দীঘল কৰিছিল, তেওঁলোকৰ নিথৰ দেহত, তেওঁলোকৰ চিতাত জুই জ্বলাই দিবলগা হোৱা মাক-দেউতাকৰ সেই বুকুভঙা আৰ্তনাদ আৰু চকুৰ পানীৰ বিচাৰ ইহসংসাৰত কোনে কৰিব? কোনো টকাৰ পাহাৰে বা আইনী মেৰপেচে সেই শূন্যতা কেতিয়াও পূৰণ কৰিব নোৱাৰে।

মনত ৰখা দৰকাৰ, “কু-সংগ” বা বেয়া সংগ হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ। প্ৰথম অৱস্থাত কোনো ল’ৰা-ছোৱালীয়েই নিজে নিজে পথভ্ৰষ্ট নহয়। কেৱল উশৃংখল বন্ধুৰ দলত পৰি বা সমাজত নিজক ‘স্মাৰ্ট’ দেখুৱাবলৈ গৈ প্ৰথমে সুৰা বা নিচাজাতীয় দ্ৰব্যৰ সোৱাদ লয় আৰু পিছলৈ ই সমগ্ৰ জীৱনটোক মেৰিয়াই ধৰা এক কালসৰ্প হৈ পৰে। গতিকে, সন্তানক কেতিয়াও ‘অবাধ স্বাধীনতা’ৰ নামত উশৃংখল হ’বলৈ দিব নালাগে। স্বাধীনতা আৰু উশৃংখলতাৰ মাজত থকা সূক্ষ্ম প্ৰভেদজাক সন্তানক সৰুৰে পৰা বুজাব লাগিব। তেওঁলোকৰ বন্ধু-বৰ্গৰ গতি-বিধিৰ ওপৰত চোকা নজৰ ৰখাটো বৰ্তমান সময়ত প্ৰতিগৰাকী অভিভাৱকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য।

যদি আমি সঁচাকৈয়ে আমাৰ সমাজখনক আৰু নৱ-প্ৰজন্মক এই ভয়াবহ বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব বিচাৰোঁ, তেন্তে প্ৰতিখন ঘৰতে একোটা সুস্থ, শান্তিপূৰ্ণ আৰু সংস্কাৰী পৰিৱেশ গঢ়ি তুলিব লাগিব। সন্তানক বিলাসী সামগ্ৰীৰ প্ৰতি আকৰ্ষিত কৰাৰ সলনি নৈতিক শিক্ষা, মানৱীয় প্ৰমূল্য আৰু আধ্যাত্মিক শিক্ষাৰে দীক্ষিত কৰিব লাগিব। মাক-দেউতাক প্ৰয়োজন সাপেক্ষে বজ্ৰতকৈও কঠোৰ হ’বই লাগিব, কাৰণ—”সময় থাকোতেই যদি আমি সাৱধান নহওঁ ভবিষ্যত দিনবোৰত আমি এই সুবিধা আৰু কেতি‌য়াও ঘুৰাই নাপাম। আহক, আমি সকলোৱে সমাজৰ পৰা এই ভয়ংকৰ ব্যাধি দূৰ কৰিবলৈ অন্তৰৰ পৰা সজাগ হওঁ।