শৰতৰ নিচুকনি – বনজিত দাস

Pc Amazon.in

শৰতৰ নিচুকনি

বনজিত দাস,ৰিহাবাৰী , বজালী

তোমাৰ সৈতে মোৰ বহু দিনৰ চিনাকি
কিদৰে নিচুকাই
আকাশ, মাটি আৰু বন-বননি
তোমাৰ চাগে মনতে নাই
লাজতে পাটগাভৰু দৰেই
বঁকিয়াত দো খাইছিল
দুডৰা মাটিৰ তিতা সেউজ ৰুৱনি পথাৰ
তুমি অহাৰ পৰত ।
ৰিক্ত মন লৈ শৰালি জাকে
উৰিছিল মুক্ত আকাশত
দূৰণিত আঁৰি দিয়া আচলখন
পৃথিৱীক সাৱটিছিল
সদ্যস্নাতা ৰূপত
তুমি অহাৰ পৰত ।
তোমাৰ চাগে মনত পৰা নাই
চিক্ মিক্ সেউজ পাতৰ হাঁহিত
ৰূপোৱালী ৰহন সানে
নিয়ৰৰ মুকুতা মণি পাহে পাহে
নৈৰ পাৰৰ কহুৱা ডৰাই
নাচিছিল বতাহৰ তালে তালে
উন্মনা হিয়াৰ দাপোন
পদূলিমুখত শেৱালিৰ ফুল
শুভ্ৰ দলিচা পাতিছিল
তুমি অহাৰ পৰত
শৰৎ অহাৰ উমানত ।