পশ্চিমবংগত আজি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৭ খন জিলাৰ ১৪২ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই ১৪২ টা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১,৪৪৮ গৰাকী । সন্ধিয়া ৬ বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া । প্ৰায় ৩ কোটি ২১ লাখ ৭৩ হাজাৰ ৮৩৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব এইসকল প্ৰাৰ্থীৰ । এই নিৰ্বাচনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ২৩২১ টা কোম্পানী মোতায়েন কৰা হৈছে । সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ১৪২ গৰাকী । আনহাতে আৰক্ষী পৰ্যবেক্ষক আছে ৯৫ জন আৰু হিচাপ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ১০০ জন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৪১,০০১ টা । ইয়াৰে ৩৯,৩০১ টা মূল ভোটকেন্দ্ৰ আৰু ১৭০০ টা সহায়ক ভোটকেন্দ্ৰ । ইয়াৰ ভিতৰত ৮,৮৪৫ টা কেৱল মহিলাৰ দ্বাৰা চালিত ভোটকেন্দ্ৰ আছে আৰু ১৩ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব বিশেষভাৱে সক্ষম ব্যক্তিয়ে । তাৰোপৰি ২৫৮ টা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা ২৩ এপ্ৰিলত অনুষ্ঠিত হয় । ১৬ খন জিলাৰ ১৫২ টা সমষ্টিত ব্যাপক হাৰ ভোটদান হোৱা দেখা যায় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ আছিল ৯৩.১৯ শতাংশ ।
