সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি সম্পন্ন

সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ফাষ্টট্ৰেক আদালতত চলি আছে । তাৰ মাজতে মঙলবাৰে সম্পন্ন হয় জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি। ২ মে’ত প্ৰদান কৰা হ’ব জামিনৰ ৰায়দান ।আজিৰ শুনানি সন্দৰ্ভত জুবিনৰ অধিবক্তা প্রদীপ্ত তালুকদাৰে কয়,”আজি আদালতত সম্পন্ন হল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি । শুনানি সম্পন্ন কৰি আজি ৰায় সংৰক্ষিত ৰাখিলে আদালতে অহা ২ মে’ত হ’ব জামিন আবেদনৰ ৰায়দান । আজি সিদ্ধাৰ্থ শৰ্মাই অধিবক্তাই এটা অদ্ভুত কথা কৈছিল যে সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰ’গ্ৰেম মেনেজ কৰাৰ বাবেহে মেনেজাৰ হিচাপে আছিল । জুবিনক চোৱাচিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ । এইধৰণৰ যুক্তি দিছে আৰু সেইবোৰ আমি খণ্ডন কৰিছোঁ । আমি আশাবাদী অহা ২ মে’ত ইয়াৰ ফলাফল দিব ।” লগতে অধিবক্তাগৰাকীয়ে কয়,কালিৰে পৰা চার্জ হিয়াৰিং আৰম্ভ হৈছে । আজিও চার্জ হিয়াৰিং চলিছে । ২ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ চার্জ হিয়াৰিং সম্পন্ন হ’ল । আনহাতে বাকী পৰৱৰ্তী দিনত হ’ব আন ৫ অভিযুক্তৰ চার্জ হিয়াৰিং ।উল্লেখ্য যে, যোৱা ২০ এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও ২২ এপ্ৰিলত জামিনৰ শুনানিত সিদ্ধাৰ্থৰ অধিবক্তাই শপতনামা ভুলকৈ দিয়াৰ বাবে পুনৰ শুদ্ধকৈ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । ইয়াৰ পাছত ২৩ এপ্ৰিলত পুনৰ শুদ্ধকৈ শপতনামা দাখিল কৰে সিদ্ধাৰ্থৰ অধিবক্তাই । সেই অনুসৰি ২৪ এপ্ৰিলত পুনৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয় যদিও উক্ত দিনা শুনানি প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ বাবে মঙলবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হয়।