উচ্চতৰ মাধ্যমিকৰ চাৰিওটা শাখাতে উজলিল ছাত্রী

Pc Dailyhun

উচ্চতৰ মাধ্যমিকৰ চাৰিওটা শাখাতে উজলিল ছাত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।  অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মঙলবাৰে পুৱা ১০.৩০ বজাত ফলাফল ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ হ’ল ৮১.৫৪ শতাংশ। চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাত অৱতীৰ্ণ মুঠ ৩,২২,৭২৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীর্ণ হয় মুঠ ২,৬৩,১৫৫ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত উত্তীর্ণ ছাত্ৰৰ সংখ্যা হ’ল ১,১৭,৭৩১জন আৰু ছাত্ৰীৰ সংখ্যা ১,৪৫,৪২৪ গৰাকী। উল্লেখ কৰিব পাৰি যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩,৩০,৭৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ ভিতৰত ৩,২২,৭২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। পৰীক্ষাত অনুপস্থিত থাকে ৮,০৭৩গৰাকী আৰু পৰীক্ষাৰ পৰা বৰ্খাস্ত হয় ১৯০ গৰাকী। কলা শাখাত মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ২,৪১,১২৪ গৰাকী। ইয়াৰে ৫৪,৭৫৫ গৰাকীয়ে প্রথম বিভাগ, ৭৮,১৮১ গৰাকীয়ে দ্বিতীয় বিভাগ, ৫৭,৮৬২গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। কলা শাখাত মুঠ উত্তীর্ণ হয় ১,৯১,৭৯৮ গৰাকী। কলা শাখাত উত্তীৰ্ণৰ হ’ল ৯৭.৫৪। কলা শাখাত মুঠ ছাত্ৰ অৱতীৰ্ণ হৈছিল ৯৯,৫৮৯জন আৰু উত্তীর্ণ হয় ৭৫,৭৯০জন। উত্তীর্ণ ছাত্ৰৰ শতকৰা হাৰ হ’ল ৭৬.১০। আনহাতে কলা শাখাত ১,৪১,৫৩৪ গৰাকী ছাত্ৰী অৱতীৰ্ণ হয় আৰু ১,১৬,০০৮ গৰাকী ছাত্রী উত্তীর্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮১.৯৬ শতাংশ। বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হয় মুঠ ৬০,৬৬৭ গৰাকী। ইয়াৰ ভিতৰত উত্তীর্ণ হয় ৫৪,৪৭৪ গৰাকী। উত্তীৰ্ণৰ শতকৰা হাৰ ৮৯.৭৯ শতাংশ। ইয়াৰ ভিতৰত ৩৪,০৭৯গৰাকীয়ে প্ৰথম বিভাগ, ১৭,৭৭৭ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৬১৮গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। বিজ্ঞান শাখাত ৩৪,১৯৩গৰাকী ছাত্ৰ অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩০,৪৩৫গৰাকী উত্তীর্ণ হয়। ছাত্ৰৰ উত্তীৰ্ণৰ শতকৰা হাৰ হ’ল ৮৯ শতাংশ। আনহাতে বিজ্ঞান শাখাত ২৬,৪৭৪ গৰাকী মুঠ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২৪,০৩৯গৰাকী উত্তীর্ণ হয়। উত্তীৰ্ণৰ শতকৰা হ’ল ৯০.৮০। বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ১৯,৪৬৯ গৰাকী আৰু উত্তীর্ণ হয় ১৫,৭৯৬গৰাকী। উত্তীৰ্ণৰ শতকৰা হাৰ হ’ল ৮১.১৩ শতাংশ। বাণিজ্য শাখাত ৭,৭ ৭,৭৮৭ গৰাকীয়ে প্ৰথম বিভাগ, ৫,৬৯৪ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৩১৫গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। বিজ্ঞান শাখাত ১৩,৫২৪জন ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১০,৮৮১জন উত্তীর্ণ হয়। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ’ল ৮০.৪৫ শতাংশ। আনহাতে ৫,৯৪৫ গৰাকী ছাত্রী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৪,৯১৫ গৰাকী উত্তীর্ণ হয়। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হ’ল  ৮২.৬৭ শতাংশ। বৃত্তিমুখী শিক্ষাত মুঠ ১,৪৬৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ১,০৮৭ গৰাকী উত্তীর্ণ হয়। বিভাগটোত ৯২গৰাকীয়ে প্ৰথম বিভাগ, ৭০১গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৯৪ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। উত্তীৰ্ণৰ শতকৰা হাৰ হ’ল ৭৪.১৯ শতাংশ। বৃত্তিমুখী শিক্ষাত অৱতীৰ্ণ হৈছিল ৮৬৩গৰাকী ছাত্ৰ আৰু উত্তীর্ণ হয় ৬২৫গৰাকী। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭২.৪২। আনহাতে অৱতীৰ্ণ ছাত্ৰীৰ সংখ্যা হ’ল ৬০২ আৰু উত্তীর্ণ হয় ৪৬২গৰাকী। বিভাগটোত উত্তীৰ্ণৰ হাৰ হ’ল ৭৬.৭৪ শতাংশ। পর্যালোচনাৰ পৰা দেখা যায় যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি প্ৰতিটো বিভাগতে ছাত্ৰীয়ে দমনীয় প্রদর্শন দাঙি ধৰে। কলা শাখাত ছাত্ৰৰ ৭৬.১০ শতাংশৰ বিপৰীতে ছাত্ৰীৰ ৮১.৯৬ শতাংশ, বিজ্ঞান শাখাত ছাত্ৰৰ ৮৯.০০ শতাংশৰ বিপৰীতে ছাত্ৰীৰ ৯০.৮০ শতাংশ, বাণিজ্য শাখাত ছাত্ৰৰ ৮০.৪৫ শতাংশৰ বিপৰীতে ছাত্ৰীৰ ৮২.৬৭ শতাংশ, বৃত্তিমুখী শিক্ষাত ছাত্ৰৰ ৭২.৪২ শতাংশৰ বিপৰীতে ৭৬.৭৪ শতাংশ ছাত্রী উত্তীর্ণ হয়। অর্থাৎ সমগ্ৰ পৰীক্ষাটোত অৱতীর্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ৭৯.৪৬ শতাংশ ছাত্ৰৰ বিপৰীতে ৮৩.৩১ শতাংশ ছাত্রী উত্তীর্ণ হয়।