উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীলৈ মুখ্যমন্ত্ৰীৰ অভিনন্দন
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে পৰীক্ষাত উত্তীর্ণ সকলো পৰীক্ষার্থীকে শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড° শর্মাই কয়- ২০২৬ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আন্তৰিক অভিনন্দন জনালোঁ। তোমালোকৰ এই সফলতা কেৱল পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ফল। ভৱিষ্যতৰ দিনত তোমালোকৰ জীৱন অধিক উজ্জ্বল তথা কৃতকার্যতাৰে ভৰি পৰক সেয়াই কামনা কৰিলোঁ। শিক্ষা জীৱনৰ এয়া কেবল আৰম্ভণি মাথোঁ। আগলৈ বহু দীঘল বাট আছে, বহু নতুন সুযোগ আছে। তোমালোক প্রত্যেকে নিজৰ লক্ষ্য স্থিৰ কৰি একো একোজন সফল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় লৈ উঠা। লগতে যিসকলে আশা কৰা ধৰণে ফলাফল লাভ কৰিব নোৱাৰিলা, তোমালোকো হতাশ নহ’বা। কঠোৰ পৰিশ্ৰম, ধৈর্য আৰু আত্মবিশ্বাসেৰে পুনৰ আগবাঢ়ি যোৱা। নিশ্চয় তোমালোকৰো ভাল হ’ব। সকলোৰে সন্মুখৰ দিনবোৰ সফলতা, আশা আৰু পোহৰেৰে পূৰ্ণ হওক।
