পল্টনবজাৰত “ৰ’ড’ডেণ্ড্ৰনৰ তেজে ধোৱা সাধু ” উন্মোচন

পল্টনবজাৰত “ৰ’ড’ডেণ্ড্ৰনৰ তেজে ধোৱা সাধু ” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত অংশ লোৱা গোৰ্খা সৈনিকসকলৰ জীৱন সংগ্ৰাম, প্ৰাপ্তি-অপ্ৰাপ্তি, ৰাজনৈতিক শোষণ আদিক বিষয়বস্তু হিচাপে লৈ লিখা ঔপন্যাসিকা দীপামণি কোচ ভৰালীৰ নৱতম উপন্যাস “ৰ’ড’ডেণ্ড্ৰনৰ তেজে ধোৱা সাধু” কালি উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ পল্টনবজাৰস্থিত মণি কুমাৰ চুব্বা ভৱনত আয়োজিত এক অনুষ্ঠানত উপন্যাসখন উন্মোচন কৰে বিশিষ্ট লেখক তথা নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক ড° অনিৰ্বাণ ৰয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা তথা বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° ইন্দু প্ৰভা দেৱী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক যাদৱ চন্দ্ৰ বসুমতাৰী, অসম গোৰ্খা সন্মিলনৰ কামৰূপ জিলা সমিতিৰ সভাপতি যুৱৰাজ গড়তোলা, কবি লেখক প্ৰকাশক ড° বিজিত তালুকদাৰ, বিশিষ্ট অনুবাদক প্ৰহ্লাদ চেত্ৰী, বিক্ৰম আলে প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট তথা গ্ৰন্থপ্ৰেমী ব্যক্তি ৷ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে পাণবজাৰৰ ডঁৰিয়লি প্ৰকাশে ৷