পংগু মানৱ – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Vecteezy

পংগু মানৱ

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

সন্ধিয়া সময়ৰ এক ৰঙীন আড্ডাৰ পৰিবেশত দিলীপে বন্ধুবোৰক উদ্দেশ্য কৰি কলে,শাসনৰ গাদীত থকা চৰকাৰে বৰ্তমান সময়ত আমাৰ নিচিনা অসহায় মানুহবোৰক নানান প্ৰকাৰে সহায়ৰ হাত আগবঢ়ায় দিছে। সেয়েহে বৰ্তমান সময়ত আমাৰ নিচিনা মানুহে অন্ন,বস্ত্ৰ, ঘৰৰ বাবে একেবাৰে চিন্তা কৰিব লগীয়া হোৱা নাই নহয়নে ? সেইসময়তে কমলে লগে লগে কলে,তুমি ঠিকেই কৈছা কথাবোৰ কিন্তু শাসনৰ গাদীত থকা চৰকাৰে কেৱল মাত্ৰ আচনি,অনুদান, সাহায্য প্ৰদানৰ জৰিয়তে আমাৰ সমাজত মোগল তথা ব্ৰিটিছ সাম্ৰাজ্যৰ সময়ৰ পৰা গা কৰি উঠা দৰিদ্ৰতাক জানো একেবাৰে সৰ্বকালৰ বাবে নাইকিয়া কৰাটো সম্ভৱপৰ হব জানো বন্ধু ? সকলোবোৰ লগ,বন্ধুৰ বহু চিন্তা ভাৱনাৰ অন্ততঃ এজন বন্ধুয়ে কমলকে ওলোটাই প্ৰশ্ন কৰিলে । তেন্তে তুমিয়েই কোৱাচোন বৰ্তমান পৰিস্থিতি অনুসৰি শাসনৰ গাদীত থকা চৰকাৰে দেশৰ দৰিদ্ৰতা নিৰ্মূল কৰণৰ বাবে কেনেধৰণৰ সিদ্ধান্ত লোৱাটো উচিত বুলি ভাবা ? ঠিক তেতিয়া কমলে কবলৈ আৰম্ভ কৰিলে, আমি নিম্ন মধ্যবিত্ত বা একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ লোকক আচনি, অনুদান, সাহায্য প্ৰদানৰ জৰিয়তে দিনক দিনে এক পংগু মানৱলৈ ৰূপান্তৰিত কৰিছে। আমি ইয়াৰ ফলত নিজে পৰিশ্ৰম,সংগ্ৰাম, সংঘৰ আৰু আত্ম উপলব্ধি কৰিবলৈ পাহৰি গৈছোঁ। যাৰ ফলস্বৰূপে দৰিদ্ৰতা নিৰ্মূলকৰণ হোৱাৰ পৰিবৰ্তে দিয়ক দিনে এক ভয়াৱহ ৰূপ ধাৰণা কৰিছে। সেয়েহে মোৰ মতে, শাসনৰ গাদীত থকা চৰকাৰে আমাৰ দেশৰ জনসাধাৰণক কেৱল মাত্ৰ শিক্ষা, স্বাস্থ্যৰ দিশবোৰতে মনোনিবেশ কৰি মানুহৰ জীৱন প্ৰণালীৰ স্তৰ অনুসৰি সহায় সহযোগিতা প্ৰদান কৰা উচিত। নহলে এসময়ত গৈ গৈ দেশৰ জনসাধাৰণৰ পৰনিৰ্ভৰশীল হৈ পৰিব । ইয়াৰ জৰিয়তে দেশ এখনৰ বিকাশৰ গতিত পোনপটীয়াকৈ প্ৰভাৱ বিস্তাৰ কৰিব আৰু বৰ্তমান সময়তো আমি এইবোৰ কথা লাহে লাহে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু সময় থকোতেই এইবোৰ কথাৰ প্ৰতি গহীন ৰূপত আমি চিন্তা,চৰ্চা নকৰিলে এসময়ত গৈ এক মাৰাত্মক ৰূপ ধাৰণ কৰিব। ঠিক তেতিয়া সময়ত উচিত সিদ্ধান্ত লোৱাৰ পৰা বঞ্চিত হোৱাৰ ফলত আমি প্ৰতিজন দেশবাসিয়ে একেবাৰে অন্তিমত গৈ ইশ্বৰৰ ভৰসাত জীৱন অতিবাহিত কৰিব লগীয়া হব পাৰে। সেয়েহে দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণ সাহায্য, অনুদান প্ৰদানৰ জৰিয়তে নহয়, জন ক্ৰান্তি,নৱ বিপ্লৱ ইয়াৰ লগতে আত্ম উপলব্ধি, আত্ম বিশ্লেষণ জৰিয়তেহে সম্ভৱপৰ হৈ উঠিব।