আন্ধাৰ ভালপোৱা ছোৱালী জনী শৰৎ দাস

Pc Shutterstock

আন্ধাৰ ভালপোৱা ছোৱালী জনী

শৰৎ দাস,
গহপুৰ, ব্ৰহ্মাজান, বিশ্বনাথ

নাজানে তাই কোনো দিশে
গতি কৰিছে
লক্ষ্যহীন দিশেৰ
গৈ আছে মাথোঁ
দূৰ দিগন্তলৈ
কাহানিও জোনাকৰ ৰং নেদেখা
ছোৱালী জনীয়ে
নাজানে
জোনাকৰ সংজ্ঞা
নাজানে এখন সচাঁ হৃদয়ৰ
মূল্য কিমান
অৰণ্য খনৰ কাষত জুপুৰিটোবেই
তাইৰ ঠিকনা
এতিয়া তাইৰ দৰেই
নিশা হলেই ঠিকনা হেৰুৱাই
ভিন্ন জনে
জীয়াই থকাৰ হেঁপাহতেই
তাইয়ো বিলীন হয়
প্ৰতিটো নিশাতেই
ৰঙীন
মানুহবোৰৰ সৈতে
খন্তেকৰ বাবে
আপোন কৰি লয়
কৃত্ৰিম হৃদয়বোৰ
এনেদৰেই আন্ধাৰ ভালপোৱা
ছোৱালী জনীয়ে প্ৰতিটো নিশাই নিজকে
বন্ধকত ৰাখে।
error: Content is protected !!