নেদাৰলেণ্ডত প্রধানমন্ত্রী মোদীক বিহুৰে আদৰণি অসমীয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচ দেশৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ কাৰ্যসূচীৰ দ্বিতীয় অংশ হিচাপে শুকুৰবাৰে দুদিনীয়া ভ্রমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। দ্য হেগ চহৰত আয়োজিত এটা অনুষ্ঠানত তেওঁ নেদাৰলেণ্ডত থকা প্রবাসী ভাৰতীয়সকলৰ সন্মুখত ভাষণ প্রদান কৰে। ভাষণ প্ৰসংগত তেওঁ ভাৰতৰ ষ্টার্টআপ ইক’ ছিষ্টেম, ডিজিটেল অগ্রগতি আৰু বিশ্বদৰবাৰত ভাৰতৰ ক্ৰমবর্ধমান সাফল্যৰ কথা দাঙি ধৰে। প্ৰধানমন্ত্ৰীৰ ভাষণত দেশৰ পাঁচখন ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰসংগয়ো ঠাই পায়। তেওঁ কয়, ‘পশ্চিমবংগ, অসম, কেৰালাম, পুডুচেৰীত ব্যাপক হাৰত ভোটদান কৰিছে নাগৰিকে। ভোটদানৰ হাৰ ৯০ শতাংশ পাৰ হৈ গৈছে। মহিলাসকলেও এই নির্বাচনত ব্যাপক হাৰত ভোটদান কৰিছে। এয়াই এতিয়া ভাৰতৰ ট্রেণ্ড।’ অনুষ্ঠানত প্রধানমন্ত্রী মোদীক নেদাৰলেণ্ডত থকা প্রবাসী অসমীয়াসকলে বিহু নৃত্যৰে আদৰণি জনায়। ভাষণত প্রধানমন্ত্রীৰ ডিঙিত অসমৰ বড়ো জনগোষ্ঠীৰ আৰনায়ে শোভাবর্ধন কৰে। ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে দেশৰ বহনক্ষম শক্তি, প্রগতি, অর্থব্যৱস্থাৰ সংস্কাৰ, ছেমিকণ্ডাক্টৰ আদি প্রসংগও উল্লেখ কৰে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্রধানমন্ত্রী মোদীয়ে ঝালমুড়ি খোৱাৰ প্ৰসংগটোৱেও ঠাই পাই তেওঁৰ ভাষণত। তেওঁ কয়, ‘ঝালমুড়ি আহি এইখিনিও পাইছে নেকি?’মোদীয়ে কয়, “যেতিয়া সাধাৰণ মানুহৰ সপোন সঁচা হয়, তেতিয়া গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আস্থা বৃদ্ধি পায়।” এই প্ৰসংগত শেহতীয়া বিধানসভা নিৰ্বাচনসমূহৰ কথা কওঁতেই চাৰিওফালৰ পৰা হৰ্ষোল্লাস ভাঁহি আহে। সেয়া শুনি প্ৰধানমন্ত্ৰীয়ে কয়, “ঝালমুড়ি ইয়াতো পালেহি নেকি?” প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনৰ প্ৰসংগই প্রবাসী ভাৰতীয়ক উল্লসিত কৰি তোলা দেখা যায়। উল্লেখ্য যে ৬দিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী মোদীয়ে প্রথমে সংযুক্ত আৰব আমীৰশ্বাহীত উপস্থিত হয়। তাৰ পিছতে তেওঁ উপস্থিত হয় নেদাৰলেণ্ডছত। তাত স্থানীয় প্ৰশাসনৰ লগতে প্রবাসী ভাৰতীয়সকলে তেওঁক বিপুলভাৱে আদৰণি জনায়। ইয়াৰ পিছত তেওঁ নৰৱে’, ছুইডেন, ইটালীলৈও যাব।
