নৱবৰ্ষৰ আশা- অখিল কুমাৰ বৰুৱা

Pc the Skit Guys

নৱবৰ্ষৰ আশা

প্ৰিয়জনলৈ নৱবৰ্ষৰ অভিনন্দন
নৱবৰ্ষ ২০২২ হওঁক প্ৰতিভাত
সুখ চন্দাত,শান্তিৰ নৈয়াত
কৰ্ম,ধৰ্ম জিলিঙনিৰ শুদ্ধ জোলোঙাত
স্বাস্থ্য ঘেৰি থওক ভৰি ৰওক সোনালী বাটত
নিদ্ৰা যাওক জোনৰ কাৰেঙত
হেপিয়াই থেপিয়াই নুফুৰিবা বেবেৰী বাঙত।
ঘাত-প্ৰতিঘাত নহওঁক শেতেলি কোলাত
দিগন্ত জোৰা তামানাবোৰ নাশিবলৈ
অবিশ্ৰান্ত হিংস্ৰ তৰঙ্গঁৰ বিলুপ্তি সাধিবলৈ আহা..সদলবলে আহা..সমস্বৰে শংখনাদ কৰো
সমলয় ঐক্যতানৰ বনিত ধ্বনিত
খৰ্ব হওক আসুৰিক গৰ্ব
প্ৰেম প্ৰীতি সত্য শান্তি সমন্বয়ৰ
অনন্য তোৰন
হে প্ৰভু দয়াময় খাতিছো তোমাক
দকমকাই উঁঠক ২০২২ নিত্যনৱ প্ৰভাত
নকৰিবা বিড়ম্বনা বিছাৰিছো মনোৰমক
এইয়ে কামনা
সুশীতল জলপ্ৰবাহ বহ্নিমান কৰিবলৈ
হেলাৰঙে অতিক্ৰমি ঘাত-প্ৰতিঘাত
ফুটে যদি জোং কাঁইটেৰে,ধৈৰ্য্যৰে যাম আমি আগবাঢ়ি
স্থিতপ্ৰজ্ঞে জোঙাল কাঁইট দুহাতেৰে পেলাম আচাৰি
মানবী জনম হেনো কাঁইটীয়া
সংকলময় পথ
নিয়তিৰ বিধান ইটো
চলাই যাব লাগিব সত্য শুদ্ধ
অবয়বে জীৱনৰ ৰথ

অখিল কুমাৰ বৰুৱা
যোৰহাট