নৰপশু- ময়ূৰাক্ষী গগৈ

Pc Time8

নৰপশু

কেতিয়া অন্ত পৰিব বাৰু
মানৱ ৰূপী নৰপিশাসৰ
এই বৰ্বৰতা?
কেতিয়া শেষ হ’ব বাৰু
উন্মাদ দানৱৰ হাতত
নিৰীহৰ বলি?
সৌ সিদিনা ঝংকাৰ হত্যাৰ
ঢৌ মাৰ নৌযাওতেই
অভি-নীলৰ হত্যা।
আজি আকৌ অনিমেষ হত্যা।
বৰ্বৰ দানৱে সংঘটিত কৰা
নিৰীহৰ অমানুষিক হত্যাই
আজি মানৱ জাতিক লজ্জানত কৰিছে।
এনে নৰপিশাস বোৰ
অৰণ্যৰ পশুতকৈও অতি নৃশংস।
এই নৰপশুৰ জীয়াই থকাৰ
কোনো অধিকাৰেই নাই।

ময়ূৰাক্ষী গগৈ
যোৰহাট।