ন্যায় বহিৰ্ভূত হত্যা, ভুৱা সংঘৰ্ষৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগলৈ জাতীয় পৰিষদৰ পত্ৰ

Pc twitter

ন্যায় বহিৰ্ভূত হত্যা, ভুৱা সংঘৰ্ষৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগলৈ জাতীয় পৰিষদৰ পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয় বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা এতিয়ালৈকে সংঘটিত ভুৱা সংঘৰ্ষ আৰি ন্যায় বহিৰ্ভূত হত্যাকাণ্ডসমূহৰ তদন্ত বিচাৰি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ পত্ৰ লিখি উক্ত ঘটনাসমূহৰ পুঙ্খানুপুঙ্খ তদন্ত দাবী কৰিছে অসম জাতীয় পৰিষদে৷ দলে দুদিন পূৰ্বে মানৱাধিকাৰ আয়োগৰ অধ্যক্ষলৈ লিখা পত্ৰত কয় যে সমাজ অপৰাধমুক্ত হ’ব লাগিব, এইটো সত্য৷ অপৰাধীৰ উচিত শাস্তিও হ’ব লাগিব৷ কিন্ত আইনী প্ৰক্ৰিয়াৰে বিচাৰ নকৰাকৈ কোনো অপৰাধীকে শাস্তি প্ৰদানৰ বিধান ভাৰতীয় ন্যায় ব্যৱস্থাত নাই৷ অথচ বিগত ছমাহ কাল ধৰি অসমত ভুৱা এন্কাউন্টাৰ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ বহুকেইটা ঘটনা সংঘটিত হৈছে৷ এনে ভুৱা সংঘৰ্ষ বা ন্যায় বহিৰ্ভূত হত্যাকাণ্ড সংঘটিত কৰিবৰ বাবে স্বয়ং চৰকাৰী মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী ৰাজহুৱা মঞ্চত আৰক্ষীক উৎসাহিত কৰা দেখা গৈছে৷ এনে কাৰ্য্যই আইনৰ শাসন প্ৰতিষ্ঠা কৰা ব্যৱস্থাটোক নস্যাৎ কৰে৷ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই সন্দৰ্ভত কয়, “বিগত ছমাহে অসমত আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ অভিযোগত ৪০ জনতকৈ অধিক লোকক ভৰিত গুলিওৱা হৈছে৷ ৩০ জনতকৈ অধিক লোকক গুলিয়াই হত্যা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে৷ অপৰাধীয়ে শাস্তি পাব লাগিব, তাত কাৰো দ্বিমত নাই৷ কিন্তু শাস্তি হ’ব লাগিব আইন সন্মত৷ আইৰ শাসন বৰ্তাই ৰাখিবলৈ হ’লে এনে ধৰণৰ আইন বহিৰ্ভূত কাৰ্যৰ বিৰোধিতা কৰিবই লাগিব৷” ভূঞাই লগতে কয় যে অসমত ন্যায় বহিৰ্ভূত হত্যাকাণ্ড সংঘটিত হৈ আছে বুলি শোণিতপুৰ জিলাৰ এগৰাকী সত্ৰ ন্যায়াধীশে উদ্বেগ প্ৰকাশ কৰাৰ বাতৰি চিন্তনীয়৷ সেয়ে উক্ত ঘটনাসমূহৰ তদন্ত হোৱা উচিত৷