নেছলে কোম্পানীৰ দুগ্ধজাত সামগ্রীৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ

Pc NDTV

নেছলে কোম্পানীৰ দুগ্ধজাত সামগ্রীৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই নেচলেৰ জনপ্ৰিয় সামগ্ৰী ‘লো ফেট ডেইৰী হোৱাইটনাৰ’ক মানৱ স্বাস্থ্যৰ বাবে অসুৰক্ষিত আৰু অমান্য বুলি ঘোষণা কৰিছে। লেবৰেটৰী টেষ্ট ষ্টেণ্ডাৰ্ডত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে সংস্থাটোৱে এই সামগ্ৰীৰ বিক্ৰী তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। শেহতীয়াকৈ নেচলেৰ ডেইৰী হোৱাইটনাৰৰ নমুনা নতুন দিল্লীৰ কন’ট প্লেচত অৱস্থিত ‘মেচাৰ্ছ ভাৰত হোটেলছ লিমিটেড’ৰ পৰা সংগ্ৰহ কৰা হৈছিল।সেই নমুনা পৰীক্ষাৰ পিছতে এই তথ্য লাভ কৰে খাদ্য নিৰাপত্তা দপ্তৰে।চৰকাৰী খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰে ‘খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬’ৰ অধীনত নিৰ্ধাৰিত মানদণ্ড অনুসৰি কৰা পৰীক্ষাত নমুনাটো অমান্য বুলি ধৰা পৰিছে। ইয়াৰ পিছত এফএছএছএআয়ে নিয়ম-বহির্ভূত নেছলেৰ এই পণ্যটোৰ বিষয়ে ভাৰত হোটেলছ লিমিটেডক এখন জাননী জাৰি কৰে। লগতে এই খাদ্য ব্যৱসায়ীপ্ৰতিষ্ঠানসমূহলৈ জাননী জাৰি কৰি ক্ষতিগ্ৰস্ত গোট আৰু নিৰ্দিষ্ট সামগ্ৰীৰ বিক্ৰী তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও নিৰ্মাতা নেচলেকো এই লেব ৰিপৰ্ট প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ ব্যাখ্যা বিচাৰিছে। ক্ৰেতা আৰু গ্ৰাহকক দিয়া সতৰ্কবাণীত এফ এছ এছ এ আইয়ে কয় যে এনে পেকেটত ভৰোৱা দুগ্ধজাত সামগ্ৰী ক্ৰয় বা খোৱাৰ আগতে গুণগত মান আৰু বেচৰ সংখ্যা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। একে সময়তে বিভাগটোৱে সাধাৰণ জনতাক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিছে। কৰ্তৃপক্ষই জনোৱা মতে, পেকেটত ভৰোৱা খাদ্য সামগ্ৰীৰ মান বজাই ৰাখিবলৈ নিয়মীয়াকৈ চোৱাচিতাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উপভোক্তাসকলৰ উদ্দেশ্যেও পৰামৰ্শ দিয়া হৈছে কেন্দ্ৰৰ তৰফৰ পৰা। গ্রাহকসকলক এই সম্পৰ্কীয় চৰকাৰী তথ্য মানি চলিবলৈ কোৱা হৈছে। কোনোবাই পণ্য (বিশেষকৈ প্ৰভাৱিত বেটছৰ পণ্য) কিনা বা খোৱাৰ পূৰ্বে তাৰ তথ্য চালিজাৰি চোৱাৰো আবেদন জনোৱা হয় ক্রেতাসকলৰ প্ৰতি। এই ঘটনাটোৱে পেকেটজাত খাদ্য পণ্য পৰীক্ষা আৰু নিৰ্ধাৰিত নিৰাপত্তা তথা গুণমানৰ মানদণ্ড পূৰণত ব্যৰ্থ হ’লে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত খাদ্য নিৰাপত্তা কর্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ভূমিকা তুলি ধৰে।