এছিয়ান গেমছত ভাৰতীয় পুৰুষ হকী দলৰ স্বৰ্ণ জয়

Pc Udayavani

এছিয়ান গেমছত ভাৰতীয় পুৰুষ হকী দলৰ স্বৰ্ণ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ দপদপনি অব্যাহত আছে । এছিয়ান গেমছত ভাৰতীয় মহিলা হকী দলৰ পাচতে ভাৰতীয় পুৰুষ হকী দলেও স্বৰ্ণ পদক অৰ্জন কৰিলে ।শুকুৰবাৰে ভাৰতীয় মহিলা হকী দলটোৱে স্বর্ণ পদক লাভ কৰাৰ পিছত শনিবাৰে ভাৰতীয় পুৰুষ দলটোৱেও সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে ভাৰতীয় মহিলা হকী দলটোৱে ৪৪ বছৰৰ পাছত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল । ইয়াৰ পূৰ্বে ভাৰতে ১৯৮২ চনত মহিলা হকীত সোণৰ পদক জয় কৰিছিল।  শনিবাৰে অনুষ্ঠিত পুৰুষৰ ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে মালয়েছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অক্ষুণ্ণ ৰাখে। ভাৰতে স্বর্ণপদক লাভ কৰাই নহয়, ২০২৮ চনত লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকলৈও পোনপটীয়াকৈ যোগ্যতা অর্জন কৰে।  ফাইনেল মেচখনত ভাৰতীয় দলটোৱে প্ৰথমৰ পৰাই মালয়েছিয়াৰ বিপক্ষে আগ্রাসী খেল খেলে। খেলৰ ১১ মিনিটত অধিনায়ক হৰমনপ্রীত সিঙে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে। অৱশ্যে ১৪ মিনিটত মালয়েছিয়াই গ’ল স্ক’ৰ কৰি সমতা স্থাপন কৰিছিল যদিও ২৩ মিনিটত যুগৰাজ সিঙে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ২-১৩ অগ্রগতি প্রদান কৰে। ইপিনে, সহঃ অধিনায়ক হার্দিক সিঙে ৪২ মিনিটত গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ৩-১ গ’লত অগ্রগতি প্ৰদান কৰাৰ পিছত ৫৪ মিনিটত শিলানন্দ লাক্রাই ব্যবধান ৪-১লৈ বৃদ্ধি কৰে। খেল শেষ হ’বলৈ তিনি মিনিট বাকী থকা অৱস্থাত অধিনায়ক হৰমনপ্রীত সিঙে ব্যক্তিগতভাবে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ৫-১ গ’লত জয়ৰ সোৱাদ দিয়ে। উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে এতিয়ালৈকে এছিয়ান গেমছত পঞ্চমবাৰৰ বাবে স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বে ১৯৬৬, ১৯৯৮, ২০১৪ আৰু ২০২২ চনৰ এছিয়ান গেমছত স্বর্ণ পদক লাভ কৰিছিল। ইপিনে, ভাৰতীয় পুৰুষ দলটোৱে এছিয়ান গেমছত ৯বাৰ ৰূপৰ পদক আৰু তিনিবাৰ ব্ৰঞ্জৰ পদকো লাভ কৰিছিল।