অন্তিমখন এদিনীয়াত ৫ উইকেটত পৰাস্ত ভাৰত

Pc Facebook

অন্তিমখন এদিনীয়াত ৫ উইকেটত পৰাস্ত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথম দুখন এদিনীয়াত  জয়ী হৈ  শৃংখলাটো দখল কৰা ভাৰতীয় দলটোৱে শনিবাৰে তৃতীয়খন তথা অন্তিমখন এদিনীয়াত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হয় ৷ অধিনায়ক শ্বাই হোপৰ অপৰাজিত ১৬২ ৰাণেৰে ৱেষ্ট ইণ্ডিজে ভাৰতক ৫ উইকেটত পৰাস্ত কৰে।  নিউ চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতীয় অধিনায়ক শুভমন গিলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয় ৷ প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৫২ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৮.৪ অভাৰত এই লক্ষ্যত উপনীত হয় ৷ এদিনীয়া ক্ৰিকেট ইতিহাসত এইটো ৱেষ্ট ইণ্ডিজৰ সৰ্বাধিক ৰাণ চেজ ৷ মেচখনত কে এল ৰাহুলে ভাৰতৰ হৈ উজ্জ্বল শতক অৰ্জন কৰি ১২৯ ৰাণত অপৰাজিত হৈ থাকে ৷ৰোহিত শৰ্মাইও ৯২ ৰাণৰ ইনিংছ খেলিছিল ৷প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলৰ আৰম্ভণি আছিল বিপৰ্যয়জনক ৷  অধিনায়ক গিলে ১ আৰু কোহলিয়ে কোনো ৰান নকৰাকৈ বিদায় লয়।ইয়াৰ পাছতে ৰোহিত শৰ্মাই ৯২ ৰান আৰু ৰুতুৰাজ গাইকোৱাডে ৫৭ ৰানৰ এক চমৎকাৰ অংশীদাৰিত্বৰে ইনিংছ স্থিৰ কৰে ৷ তাৰ পিছত কে এল ৰাহুলে দায়িত্ব ল’লে আৰু নিজৰ ধুমুহাময় বেটিঙেৰে ৮৭টা বলত অপৰাজিত ১২৯ ৰাণ সংগ্ৰহ কৰে ৷ তেওঁ নিজৰ ইনিংছত ১০টা চাৰি আৰু ৭টা ছয় মাৰে ইয়াৰ উপৰিও নমন ধীৰে ৩০, অংশুল কম্বোজ ১৭, নীতিশ ৰেড্ডী ৯ আৰু গুৰনুৰ ব্ৰাৰে অপৰাজিত ৮ ৰাণ সংগ্ৰহ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ বলিং কৰি জেডেন ছিলছে ৩টা, কিমো পলে ২টা আৰু গুদাকেশ মটিয়ে ১টা উইকেট দখল কৰে ৷ ভাৰতে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে অ’পেনাৰ জুৱেল এণ্ড্ৰুজৰ আঘাতৰ বাবে ইনিংছ মুকলি কৰিবলৈ আহে ৷ তেওঁ আৰম্ভণিৰে পৰা ভাৰতীয় বলাৰৰ ওপৰত হেঁচা ৰাখিছিল ৷ হোপে ১৭টা চাৰি আৰু ৩টা ছয়ৰে ১৪৩ বলত ১৬২ ৰাণ সংগ্ৰহ কৰি এক উজ্জ্বল অপৰাজিত ইনিংছ খেলিছিল ৷ এদিনীয়া ক্ৰিকেটত এয়া তেওঁৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰ ৷