নীৰৱ যাতনা- অংশুমান বাৎস

pc- lord Emmanuel

নীৰৱ যাতনা

 অংশুমান বাৎস

মৌন ওঁঠেও বহু কথাই কয়,
নিৰ্জন নিশাত কম্পিত ওঁঠ দুটিও,
অৱশেষত দেখোন থমকিয়েই ৰয় ।
চশমাৰ আঁৰত থকা চকুযোৰিক
অলপ কাষৰৰ পৰা চাবা,
নিলগৰ পৰা সবল যেন লগা নয়নেও,
প্ৰিয় জনৰ কাষ পাই প্ৰায়ে উচুপি ৰয় ।
বিষাদৰ পলবোৰতো তেওঁৰ
চকুৰে চকুলো নবয়,
নিতৌ সহি অহা যন্ত্ৰণাৰ কাহিনীয়ে,
কেৱল ডায়েৰীৰ পাততহে স্থান লয় ।
সকলোৰে মন মোহা সেই
উজ্বল হাঁহিটি নিৰ্জনতাত
প্ৰায়ে ম্লান পৰি ৰয়,
পাৰ কৰি অহা ধুমুহাৰ কাহিনী
তথাপিটো কাকোৱেই নকয় ।
যদিওবা তেওঁ দুৰ্বল নহয়,
কেতিয়াবা নিশাৰ আন্ধাৰত
তেওঁৰো চকুলো বয়,
সেই দুখবোৰক তেওঁ
কিন্তু গোপন কৰিয়েই থয় ।