নির্বাচন আয়োগৰ সমর্থনত মুখ্যমন্ত্রী ড° শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰকাশ পোৱা এক বাতৰিয়ে সমগ্ৰ দেশতে জোঁকাৰণিৰ সৃষ্টি কৰিছে ৷ ৰাজনৈতিক মহলতো এই বিষয়টোক লৈ ব্যাপক বিতৰ্ক দেখা গৈছে ৷ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সমগ্র বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। নির্বাচন আয়োগত সৃষ্টি হোৱা সংঘাতক লৈ বিৰোধীয়ে কৰি অহা বিভিন্ন মন্তব্যৰ বিৰুদ্ধে আয়োগৰ সমৰ্থনত মুখ্যমন্ত্রী ড° শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয়- নির্বাচন আয়োগে ধুনীয়াকৈ কাম কৰি আছে, আয়োগ সম্পূর্ণ শুদ্ধ। গতিকে আয়োগৰ ওপৰত মন্তব্য কৰা উচিত নহয়। আজি ঝাৰখণ্ডত সংবাদ মাধ্যমে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- নির্বাচন আয়োগ হ’ল সাংবিধানিক সংস্থা। ইয়াৰ এক নিজা গাঁথনি আছে। গতিকে ইয়াৰ ওপৰত বক্তব্য আগবঢ়োৱা উচিত নহয়। নির্বাচন আয়োগে নিজে ইয়াৰ বিষয়সমূহ সমাধান কৰিব পাৰে। আয়োগৰ পিছত লাগি থকাৰ আমাৰ কোনো প্রয়োজন নাই। বিৰোধীয়ে যিবোৰ অভিযোগ আনিছে, সেয়া সম্পূর্ণ ভুল। বিৰোধী এই কাৰণেই ভুল- আয়োগে যিধৰণে ভাল কাম কৰি আছে, এই ভাল কামসমূহক হেঁচা দি বন্ধ কৰিবলৈ বিৰোধীয়ে প্রচেষ্টা চলাই আছে। বিৰোধীৰ সপক্ষে যিসকলে থিয় নহয়, তেওঁলোকৰ বিৰুদ্ধে বিৰোধীয়ে এই ধৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হয়। আয়োগে ভাল কাম কৰি থকাৰ বাবে বিৰোধীয়ে হেঁচা প্রয়োগ কৰিছে।
