অসমৰ প্ৰভাৰী হিচাপে মংগল পাণ্ডেক  নিযুক্তি

অসমৰ প্ৰভাৰী হিচাপে মংগল পাণ্ডেক  নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰায়বিলাক ৰাজ্যৰে সলনি হৈছে বিজেপিৰ প্ৰভাৰী ৷  ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বৃহৎ সাংগঠনিক অংশস্বৰূপে বিজেপিয়ে অসমসহ ৩৬খন ৰাজ্যৰ ৰাজ্যিক প্ৰভাৰী আৰু সহঃপ্ৰভাৰী নতুনকৈ নিযুক্তি দিছে। সেই অনুসৰি অসমত বিজেপিৰ নতুন প্ৰভাৰী হিচাপে নিযুক্তি দিছে মংগল পাণ্ডেক। আনহাতে সহঃপ্ৰভাৰীৰ দায়িত্বত থাকিব ফাংন’ন কন্যাক আৰু মনোজ তিপ্পা। ইফালে বিজেপিৰ শিলচৰৰ প্ৰাক্তন সাংসদ ডাঃ ৰাজদীপ ৰয়ক মণিপুৰৰ প্ৰভাৰীৰ দায়িত্ব দিয়াৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থক মেঘালয়ৰ প্ৰভাৰীৰ দায়িত্ব অর্পণ কৰা হৈছে। মেঘালয়ৰ সহঃপ্ৰভাৰীৰ দায়িত্বত থাকিব অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ ডাঃ নোমল মমিন। ত্ৰিপুৰাৰ প্ৰভাৰীৰ দায়িত্ব অর্পণ কৰা হৈছে মৃগাংক দেৱ বৰ্মনক। মন কৰিবলগীয়া যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰো নতুন সাংগঠনিক দায়িত্ব ঘোষণা কৰিছে বিজেপিয়ে। সেই অনুসৰি ড° দেৱেশ কুমাৰক অৰুণাচলৰ প্ৰভাৰী হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে নাগালেণ্ডৰ প্ৰভাৰীৰ দায়িত্বত থাকি অনিল এণ্টনী আৰু মিজোৰামৰ প্ৰভাৰীৰ দায়িত্ব পালন কৰিব ড° ভাগৱত কৰাডে।