জুবিন ক্ষেত্ৰত উপস্থিত হৈ কান্দোনত ভাঙি পৰিল গৰিমা গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৩ ছেপ্টেম্বৰৰ দিনটোতে ঈশ্বৰপুত্ৰৰ শেষ ঠিকনা হৈছিল সোণাপুৰৰ হাতীমূৰা। এবছৰ পূৰ্বে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা প্রিয় শিল্পীগৰাকীক লৈ এই দিনটো অসমবাসীৰ বাবে এক বিষাদভৰা দিন আছিল। সোণাপুৰৰ এই স্থানতে জ্বলি জ্বলি হৈ ৰ’ল মাথোঁ ছাই। অসহনীয় সম্পূৰ্ণ এটা বছৰৰ পাছত নিজৰ প্ৰিয়জনক বিচাৰি আজি একেটা দিনতে জুবিনক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকী পঞ্চভূতত বিলীন হোৱাৰ দিনটোতে অন্তিম শয়নস্থলীত শ্রদ্ধা জনাই কান্দোনত ভাগি পৰে গৰিমা। উল্লেখ্য যে ২৩ ছেপ্টেম্বৰৰ দিনাই ফুলেৰে সজ্জিত এখন বাহনত সৰুসজাইৰ পৰা সোণাপুৰৰ হাতীমূৰালৈ অনা হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ। শিল্পীগৰাকীৰ মৃত্যুৰ এই কল্পনাবিহীন অন্তিম যাত্রাত শোকত ভাগি পৰা সকলো লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থিয় হৈ শেষ শ্রদ্ধা জনাইছিল। সকলো নিয়ম-নীতিৰে শেষকৃত্যত তোপধ্বনিৰে ৰাষ্ট্ৰীয় মর্যাদা প্রদান কৰি শেষ বিদায় দিয়া হয় আপোন শিল্পীগৰাকীক। চিৰসেউজ ‘মায়াবিনী’ গীতৰ মাজেৰে আজিৰ দিনটোতে জুবিন গাৰ্গ নামৰ সত্তাটোৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হয়।
