ডিব্ৰুগড়ৰ চিৰিংচাপৰি নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অৱসৰী অধ্যক্ষ ডঃ জয়কৃষ্ণ মহন্ত :ডেৰ শতাধিক ভকত-বৈষ্ণৱ উপস্থিত
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সকলোৱে এৰি দিলেও মৃত্যুৰ পিছতো মানুহক এৰি নিদিয়া অনুষ্ঠানটোৱেই হৈছে নামঘৰ৷ এই নামঘৰতেই ভুলে-শুদ্ধই কায়মনোবাক্যে ধৰ্মপুথি পঢ়িলেই ভগৱন্তৰ নাম লোৱা হয়৷ সেয়ে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱসৃষ্ট নামঘৰ অসমীয়া সমাজৰ এক পৱিত্ৰ সমাজিক আৰু ধৰ্মীয় অনুষ্ঠান৷ এই বক্তব্য বৈষ্ণৱ পণ্ডিত, লেখক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড॰ জয়কৃষ্ণ মহন্তৰ৷ ১৯৭৫ চনৰ ৩০ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ বিশ্ববিদ্যালয় সংযোগী পথত অৱস্থিত চিৰিংচাপৰি নামঘৰটোৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় ড॰ মহন্তই৷ ভাষণ প্ৰসংগত তেখেতে অসমীয়া সমাজত নামঘৰৰ ঐতিহ্য আৰু ধৰ্মীয় গ্ৰন্থ পঠন আৰু গায়নৰ জৰিয়তে হোৱা ভক্তিৰস আৰু ভক্তিধৰ্মৰ ভিন্ন দিশৰ সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰি তাত্ত্বিক বক্তব্য আগবঢ়ায়৷ ইয়াৰ লগতে ড॰ মহন্তই বিশিষ্ট লেখিকা ৰেণু ফুকনৰ ‘শংকৰদেৱ’ নামৰ গ্ৰন্থখনিও উন্মোচন কৰে৷ চিৰিংচাপৰি ৰামেশ্বৰ শৰ্মা শংকৰদেৱ বিদ্যা নিকেতনত নামঘৰ পৰিচালনা সমিতিৰ উপসভাপতি অনি বালা বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘তত্ত্বপথ’ উন্মোচন কৰি সাহিত্যাচাৰ্য তথা বিশিষ্ট কবি ড॰ কৰবী ডেকা হাজৰিকাই কয় যে এই গ্ৰন্থখনে কেৱল নামঘৰটোৰেই নহয় বৈষ্ণৱী সাহিত্যৰ এক কলা হিচাপেও স্বাক্ষৰ বহন কৰিছে৷ প্ৰসংগক্ৰমে সাহিত্যিক গৰাকীয়ে কয় যে আমাৰ মনত শংকৰদেৱৰ চিন্তা, আদৰ্শ সদাবিদ্যমান৷ অনুষ্ঠানত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ যুটীয়া সম্পাদক আৰাধনা দত্ত আৰু ৰেণু ফুকনেও গ্ৰন্থ দুখনিৰ সম্পৰ্কত নিজৰ অনুভৱ ব্যক্ত কৰে৷ সভাত সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰে বিশিষ্ট লেখিকা ড॰ ভাৰতী দত্ত আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই৷ ডেৰ শতাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত উদ্যাপন সমিতিৰ সাংস্কৃতিক সম্পাদক পদুমপোনা বৰুৱাই আঁতধৰা আৰু সম্পাদক ত্ৰৈলোক্য গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ আৰম্ভণি হয় অংকিতা বৰাৰ বৰগীত পৰিৱেশনেৰে৷ সভাত আয়ুসী বৰগোহাঁইৰ একক আৰু উৰ্মিমালা দুৱৰা আৰু অৰ্চিতা ফুকনৰ দ্বৈত সত্ৰীয়া নৃত্যৰ লগতে প্ৰস্তুতি বৰদলৈৰ পৰিচালিত দলীয় দশাৱতাৰ নৃত্য আৰু দিপ্তী কাকতিৰ পৰিচালনাত আয়তীসকলৰ দিহানামেৰে সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ দ্বাৰা এক আকৰ্ষণীয় ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে প্ৰদীপ কোঁৱৰে৷ উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত নাম- প্ৰসংগৰে আৰম্ভ কৰি ঘোষাৰ ব্যাখ্যা কৰে নীপকোৰ অৱসৰী মুখ্য মহাপ্ৰৱন্ধক হৰিকৃষ্ণ চাংমায়ে৷ ইয়াৰ পিছতে নামঘৰৰ বহুকেইগৰাকী বয়োজ্যেষ্ঠ ভকত-বৈষ্ণৱক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
