নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ কার্যনির্বাহক সভা সম্পন্ন

নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ কার্যনির্বাহক সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰথমখন কার্যনির্বাহক সভা আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয়।ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশৰ সকলাে বিষয়ববীয়া, বর্ধিত বিষয়ববীয়া, কার্যনির্বাহক সদস্য, আমন্ত্রিত আৰু বিশেষ আমন্ত্রিত সদস্যসকলৰ উপৰিও অসমৰ চল্লিশখন সাংগঠনিক জিলাৰ সভাপতিসকল, সাধাৰণ সম্পাদক সকলৰ লগতে একোগৰাকী জিলাই প্রতি মহিলা কার্যকর্তা উপস্থিত থকা কার্যনির্বাহক সভাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা যুৱ মৰ্চাৰ ৰাজ্যিক প্রভাৰী দিল্লুৰঞ্জন শমাই যুৱ মৰ্চাৰ কাৰ্যকর্তাসকলক উদ্দেশ্যি দিয়া ভাষণত যুৱ মৰ্চাৰ গুৰুত্ব উল্লেখ কৰাৰ লগতে বিজেপিৰ সংঘর্ষময় উত্থানৰ সবিশেষ দাঙি ধৰে। ভাষণ প্রসংগত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে— অসমক সর্বতােপ্ৰকাৰে আগবঢ়াই নিয়াৰ লগতে ইছলামিক আগ্রাসন আৰু নৈৰাজ্যবাদীৰ পৰা ৰক্ষা কৰিবৰ বাবে যুৱ মৰ্চাৰ কাৰ্যকর্তাসকল বদ্ধপৰিকৰ হ’ব লাগিব।অসম চৰকাৰৰ কেবিনেট মন্ত্রী তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি পৰিমল শুক্লবৈদ্যই কয় যে অসমত এচামে কেৱল চান্দা সংস্কৃতি গঢ় দিছে, সেইখিনি যুৱ মচাই ৰােধ কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা সভাত উপস্থিত হৈ যুৱ কার্যকর্তাসকলক উদ্দেশ্যি মার্গদর্শন আগবঢ়ায়। ভাষণ প্রসংগত সভাপতি কলিতা বিজেপিৰ প্রতিষ্ঠা দিৱস ৬ এপ্রিলৰ পৰাই অসমত পাঁচ লাখ যুৱক- যুৱতীক বিজেপিৰ অন্তর্ভুক্ত কৰাৰ কথা ব্যক্ত কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই দলৰ আদৰ্শৰ বিষয়ত আলােকপাত কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম চালিকা শক্তি যুৱ মৰ্চাক আগুৱাই নিয়াৰ বাবে কেতবােৰ পৰামর্শ আগবঢ়ায়।  কার্যনির্বাহকত এখন ৰাজনৈতিক প্রস্তাৱ গ্ৰহণ কৰা হয়। ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ মাত্র ছমাহতে অসমক ড্রাছৰ বিৰুদ্ধে লােৱা অভিযান, গৰুখুঁটি প্রকল্পৰ কাম তীব্রগতিত আগবঢ়োৱা, নিবনুৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি এক লাখ চাকৰিত নিয়ােগৰ প্ৰস্তাৱ চলােৱা, নিয়ােগ বিনিময় কেন্দ্র, ড্রাইভিং লাইচেঞ্চৰ অনলাইনকৰণ ইত্যাদি ইতিবাচক কামসমূহক প্রস্তাৱৰ জৰিয়তে প্রশংসা কৰাৰ লগতে আদৰণি জনােৱা হয়। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্রনাথ শর্মা, কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্য, বিমল বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক দিল্লুৰঞ্জন শর্মা, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্লবৰুৱা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গােস্বামী, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, নগাঁও জিলাৰ প্রভাৰী শান্তনু পূজাৰী, সহ প্রভাৰী প্ৰণৱজ্যোতি লহকৰ উপস্থিত থাকে।