নগাঁওবাসীৰ মংগল কামনা কৰি বিদায় ল’লে দক্ষ আৰু সাহসী আৰক্ষী বিষয়া আনন্দ মিশ্ৰই

নগাঁওবাসীৰ মংগল কামনা কৰি বিদায় ল’লে দক্ষ আৰু সাহসী আৰক্ষী বিষয়া আনন্দ মিশ্ৰই

ৰঙিলী বাৰ্ত্তাসেৱা- কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনাৰ তদন্ত শেষ হোৱাৰ পাছতে এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎকালিনভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে।আইপিএছ বিষয়া আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।২০২১ চনৰ মে’ মাহত নগাঁৱত যোগদান কৰা আইপিএছ বিষয়াগৰাকীয়ে অতি কমদিনৰ ভিতৰতে নগাঁৱৰ ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল।যোৱা ২২জানুৱাৰীত এটা ভুল এনকাউণ্টাৰৰ বাবেই মাত্ৰ ৬ মাহতে নগাঁৱৰ পৰা বিদায় ল’ব লগা হ’ল অসম আৰক্ষীৰ দক্ষ আৰু সাহসী আৰক্ষী বিষয়া গৰাকীয়ে।কীৰ্তিকমল বৰা কাণ্ডৰ পাছত এণ্টি নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এছ পি আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হোৱা নাছিল।সেয়ে জৰুৰীভাৱে আনন্দ মিশ্ৰক কিয় নগাঁৱৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হ’ল সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই।আজি পুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নগাঁওবাসীৰ মংগল কামনা কৰি শেষ বিদায় ল’লে জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকীয়ে।অহাৰ সময়ত নগাঁওবাসীক বহুত মিছ কৰিম বুলিও ক’লে আনন্দ মিশ্ৰই।সকলো ভালে থাকক, বাই বাই নগাঁও থেংক ইউ নগাঁও’’ – এই মন্তব্যৰে নগাঁৱৰ পৰা বিদায় ল’লে বহুচৰ্চিত আইপিএছ বিষয়া তথা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।