ধৰ্ষণ-কাজি শ্বাহাদত ইছলাম

Pc Orissa Post
ধৰ্ষণ
বন্ধ ঘৰৰ অন্ধ কোঠাত দুষ্টহঁতৰ মেল,
উৰি ফুৰা প্ৰজাপতিৰ ধ্বংসলীলাৰ খেল।
বিৰিঙি ফুৰা হাঁহিবোৰৰ ডিঙিত লগায় জৰী,
কেঁচা মাংসৰ জুতি লয় মদ্য হয় সেৱন কৰি।
সদলবলে চিকাৰ খোজে নৈশ ভোজৰ বাবে,
তেজপিয়াৰো হৃদয় কান্দে পৰৰ কথা ভাবে।
মানৱতাৰ বিখণ্ডতাত নীতি পৰিহাৰ,
সম্পৰ্কবোৰৰ ধ্বজা উৰায় বিবেক বহিষ্কাৰ।
বিননিবোৰক তাচ্ছিল্যতা মুখত অট্টহাঁহি,
আত্মাবোৰৰ চকুপানী যায় নিৰৱে ভাহি।
দুচকুৰ কাতৰতাই ঢুকি নাপায় দয়া,
সম্ভাৱনীয়তা ভাগৰি পৰে জাগে নষ্ট মায়া।
কাৰো ঘৰৰ নেত্ৰমণি দেশৰ অহংকাৰ,
থিতাতেই বিলোপন হয়,ভিৰ পৰে জনতাৰ।
প্ৰাধান্যতাৰ সপোন দেখুৱাই মহাজন উদাও,
নাৰী শক্তি যেন ঘোৰাৰ কণী বিচাৰিলে নাপাওঁ।
(এই কবিতাটি সাম্প্ৰতিক সময়ত দেশখনত ধৰ্ষণৰ দৰে নিকৃষ্ট কাণ্ডৰ বলি হোৱা প্ৰতিজনী ধৰ্ষিতালৈ উচৰ্গা কৰিলোঁ)
কাজি শ্বাহাদত ইছলাম