দৈনিক ৰাজ্যত ১০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা

দৈনিক ৰাজ্যত ১০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  সাৱধান হওঁক।ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।দৈনিক ৰাজ্যত ১০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।ডাঃ শৰ্মাই কয় যে,”জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহক।এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে।এমাহৰ বাবে শিশু সকল ঘৰত থাকক, বাহিৰত যাব নালাগে।অ’মিক্ৰন ‍অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয়।গুৱাহাটীৰ ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে।সমাগম হোৱা স্হানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই।যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ হাব হোৱাৰ বাবে ক’ভিড কেচ গুৱাহাটীত বৃদ্ধি পাইছে।২৩৫ জন ক’ভিড আক্ৰান্ত লোকে কালি জি এম চি এইচৰ পৰা হোম আইচলেশ্যন লৈছে।২৫০ জন ৰোগী জি এম চি এইচত আৰু ২৫০জন সৰুসজাইত আছে।১২০০ বেড জি এম চি এইচত খালি ‍আছে।৯ জন শিশু জি এম চি এইচৰ বেবী ICUত চিকিৎসাধীন হৈ আছে।অন্য ৰোগত আক্ৰান্ত হৈ বা দূৰ্ঘটনা হৈ সংকটজনক অৱস্হাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে।এইসমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেইহেতু ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে।