দৈনিক ২.৫ লাখৰ পৰা ৩ লাখ লোকক বিনামূলীয়া প্রতিষেধক প্ৰদানৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – দিছপুৰত সাংবাদিকৰ আগত ৰাজ্যৰ স্বস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে ৰাজ্য চৰকাৰে ২১ জুনৰ পৰা প্ৰতিষেধক প্ৰদানৰ জোৰদাৰ অভিযান চলাব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড প্রতিষেধক সন্দৰ্ভত আগবঢ়োৱা গুৰুত্বপূৰ্ণ ঘোষণাৰ পাছতেই অসমতো  ১৮ বছৰ বা তাৰ ওপৰৰ বয়সৰ প্ৰতিগৰাকী লোককে আগন্তুক তিনিমাহৰ ভিতৰত বিনামূলীয়া কোভিড প্রতিষেধক প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে ব্যাপক প্রস্তুতি চলাইছে। প্রধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ দৰেই ১৮ বছৰ ঊৰ্ধ্বৰ সকলোকে বিনামূলীয়াকৈ কোভিড প্রতিষেধক প্রদান অভিযান কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে ১৮-৪৪ বছৰৰ লোকসকলক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছিল। প্রধানমন্ত্ৰীৰ ঘোষণাৰ পাছত অসম চৰকাৰে এতিয়া ১৮ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোককে সামৰি কোভিড প্রতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২১ জুনৰ পৰাই অসমত ব্যাপক হাৰত কোভিড প্রতিষেধক প্ৰদান কৰিব। দৈনিক ২.৫ লাখৰ পৰা ৩ লাখ লোকক এই বিনামূলীয়া প্রতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে পৰিকল্পনা যুগুত কৰা বুলিও জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী মহন্তই মহন্তই।