দেৱব্ৰত শইকীয়াৰ পিছত এইবাৰ আব্দুৰ ৰছিদ মণ্ডলৰ চিঠি

Pc facebook

দেৱব্ৰত শইকীয়াৰ পিছত এইবাৰ আব্দুৰ ৰছিদ মণ্ডলৰ চিঠি

ৰঙিলী বাৰ্ত্তাসেৱা- দেৱব্ৰত শইকীয়াৰ পিছত এইবাৰ আব্দুৰ ৰছিদ মণ্ডলৰ চিঠি। কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ তীব্ৰ অসন্তুষ্টিৰে চিঠি লিখিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ দেৱব্ৰত শইকীয়াৰ চিঠিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন কমিটীত পছন্দৰ মানুহৰ অন্তৰ্ভুক্তি নোহোৱাক লয়৷ একে কাৰণতে একে অসন্তুষ্টিৰে লিখা আব্দুৰ ৰছিদ মণ্ডলৰ দুখনকৈ চিঠি ৷ পশ্চিম গোৱালপাৰাৰ বিধায়ক গৰাকীয়ে লিখা এখন পত্ৰ এনেধৰণৰ, “নিৰাশ হৈছো একপ্ৰকাৰ, জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ তুলনাত কিছুমান প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ আশীৰ্বাদ পোৱা কনিষ্ঠ কংগ্ৰেছ নেতাসকলক অগ্ৰাধিকাৰ আৰু গুৰুত্ব দিয়া দেখি৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দৰে এআইচিচি (২০২২)ৰ সদস্য বাচনি হ’ল নেকি! উদাহৰণ স্বৰূপে প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰণতি ফুকন, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত নৰহ আদিক AICCৰ সদস্য আৰু সহযোগী সদস্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই (২০২২)। মোকো অন্তৰ্ভুক্ত কৰা নহ’ল৷ মই ২০০৬ চনৰ পৰা আজিলৈকে গোৱালপাৰা ডিচিচিৰ সভাপতি হিচাপে, গোৱালপাৰা পশ্চিমৰ বিধায়ক হিচাপে তিনিবাৰকৈ আৰু অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হিচাপে ২০০৬ চনৰ পৰা ২০১৭ চনলৈ ১১বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছতো মোক এআইচিচিৰ সদস্যৰ বাবে যোগ্য বুলি গণ্য কৰা নহ’ল৷ যিহেতু AICC সদস্যৰ বাবে নিৰ্বাচন কাৰ্যকৰীভাৱে অনুষ্ঠিত হোৱা নাছিল, সেয়েহে নেতৃত্বই জ্যেষ্ঠতাৰ ভিত্তি অনুসৰি সকলো সাংগঠনিক জিলাৰ পৰা সমানে সদস্যসকলক মনোনীত কৰাৰ বাবে আলোচনা কৰি সিদ্ধান্ত ল’লে অধিক ফলপ্ৰসূ হ’লহেঁতেন৷ ওপৰৰ তথ্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি। অসমত কংগ্ৰেছ দলৰ বৃহত্তৰ স্বাৰ্থৰ বাবে এআইচিচি (২০২২)ৰ নিৰ্বাচিত আৰু সহযোগী সদস্যৰ তালিকাত বঞ্চিত/বাদ পৰা জ্যেষ্ঠ নেতাসকলক স্থান দিয়াৰ বাবে বিষয়টো পুণৰ বিবেচনা কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।”