দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকীক ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই

pc-twitter
অনলাইম বাৰ্ত্তাসেৱা-  আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী।এই মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে উদযাপন কৰে দেশভক্তি দিৱস। চৰকাৰে অনুষ্টুপীয়াকৈ গুৱাহাটী মহানগৰৰ ভৰলুমুখত থকা দেশভক্ত তৰণ ৰাম ফুকন উদ্যানত অনুষ্ঠিত কৰে এই বিশেষ অনুষ্ঠান।অসম চৰকাৰে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহান স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।  এই অনুষ্ঠানত মহান অসমীয়াগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মাননীয় মন্ত্ৰী শ্ৰীপীযুষ হাজৰিকাও উপস্থিত থাকে৷ ড০ হিমন্ত বিশ্ব শৰ্মাই ফুকনদেৱৰ জীৱন আৰু আদৰ্শৰ দ্বাৰা উঠি অহা প্ৰজন্ম যাতে অনুপ্ৰাণিত হ’ব পাৰে সেই উদ্দেশ্যৰে কয় যে আমাৰ চৰকাৰে প্ৰতি বছৰে তেখেতৰ মৃত্যু দিৱসটো ‘দেশভক্তি দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি এই দিৱস উদযাপন কৰা হ’ব । এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে দেশভক্তৰ পৰিয়ালৰ কেইবাজনো ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা।