দেশভক্ত তৰুণৰাম ফুকন-নিকুঞ্জ শৰ্মা

দেশভক্ত তৰুণৰাম ফুকন

দেশৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা, সুদক্ষ বক্তা, লেখক, কবি, সাহিত্যিক, চিকাৰী তৰুণৰাম ফুকন দেৱ আমাৰ জাতীয় জীৱনৰ এটি চিৰ পৰিচিত নাম । তেখেত অসমৰ তৃতীয়জন বেৰিষ্টাৰ । তেখেত অসমৰ প্ৰথমজন চাইকেল আৰু মটৰ চাইকেল চলোৱা ব্যক্তি ।

আধুনিক যুগৰ অসমীয়া ভাষাৰ অন্যতম লেখক আনন্দ ৰাম ঢেকীয়াল ফুকন তেখেতৰ পূৰ্বপুৰুষ ।

তেখেতে অসম ৰাজ্য গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ১৯২০ চনত Assam Association নামৰ অসমৰ সেই সময়ৰ একমাত্ৰ ৰাজনৈতিক সংগঠনটোৰ তেখেতে বিশেষ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পিছলৈ তেখেতে গুৱাহাটীৰ পৌৰ সভা আৰু স্থানীয় পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তেখেতে ১৯২০ চনত কংগ্ৰেছত যোগদান কৰিছিল আৰু অসমত দলটো স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ১৯২৬ চনত তেওঁৰ যত্নতেই পাণ্ডুত জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশন সুকলমে সমাধা হয় ।

১৯৩৬ চনত ‘ভাৰত চৰকাৰ আইন’ৰ (Government of India Act, 1935) অধীনত হোৱা ‘সাধাৰণ নিৰ্বাচন’ৰ সময়ত তৰুণ ৰাম ফুকনে ‘ইউনাইটেড পিপুলছ পাৰ্টি’ (United People’s Party) গঠন কৰে। এইক্ষেত্ৰত অসমৰ কেইবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল ।

১৯২১ চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰে আৰু গুৱাহাটীৰ ভৰালুমুখত থকা তৰুণ ৰাম ফুকন দেৱৰ বাসগৃহত থাকে। তেখেত গান্ধীজীৰ বিশ্বস্ত সংগী আছিল। তেওঁলোকে একেলগে “বিডেক্সি বষ্ট্ৰো দাহ জগ্য” (বিদেশী সামগ্ৰী জ্বলোৱা) কৰিছিল । আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱ ফুকন দেৱৰ ৰাজনৈতিক শিষ্য আছিল ।

ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা সাহিত্য সাধনা আৰু মানৱ সেৱাৰে তেখেতে অনন্য নিদৰ্শন দাঙি ধৰিছিল । তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধন কৰাটো এক কৰ্তব্য বুলি ভাবিছিল । সেই কাৰণে তেওঁ সেই সময়ৰ অসমীয়া আলোচনী কাকত ‘জোনাকী’, ‘বিজুলীত’ নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল । ১৯২৭ চনত তেওঁ অসম সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ইয়াৰ গোৱালপাৰা অধিৱেশনত অসম সাহিত্য সভাৰ দশম গৰাকী সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৯২৮ চনত তেখেতে অসম ছাত্ৰ সন্মিলনৰো সভাপতি পদত অধিষ্ঠিত আছিল ।

তেওঁ যৌন পৰিচ্ছন্নতা সম্পৰ্কীয় এখন কিতাপ “জৌনা তাতৱা”, “মোৰ চিকাৰ কাহিনী”(চিকাৰ অভিযানত তেওঁৰ অভিজ্ঞতা), “স্তুতি মালা”— তেখেতৰ একমাত্ৰ কবিতা পুথি , “নিংনি ভাৱৰীয়াৰ গীত”— এখন হাস্যকৰ কবিতাৰ কিতাপ আৰু অন্যান্য সহ বহুতো কিতাপ লিখিছিল । ইয়াৰ উপৰিও “মৰহা ফুলৰ পাপৰি” তেখেতৰ দ্বাৰা ৰচিত বহু কেইখন কবিতা অতুল চন্দ্ৰ হাজৰিকা দেৱে সম্পাদনা কৰা এই কাব্য সংকলনত প্ৰকাশ পাইছে ।

ফুকন দেৱে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ উন্নতিৰ প্ৰসাৰকে ধৰি বহুতো সামাজিক কামত জড়িত আছিল । তেওঁ অস্পৃশ্যতা আঁতৰোৱাৰ বাবেও যুঁজ দিছিল আৰু লিংগৰ সমতাৰ পোষকতা কৰিছিল ।

তেওঁ ভাৰতৰ মহিলাসকলক তেওঁলোকৰ ঘৰৰ বন্দীত্বৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় বিষয়ত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অনুৰোধ কৰিছিল । তেওঁ অসমত খাদী আৰু অন্যান্য স্বদেশী সামগ্ৰীৰ ব্যৱহাৰো জনপ্ৰিয় কৰিছিল । তেখেতে Leper Asylum প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা পালন কৰিছিল ।

ব্ৰিটিছৰ বিৰুদ্ধে দেশৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হৈছিল । তেখেতৰ আজি ১৪৬ সংখ্যক জন্ম বাৰ্ষিকীত ( ২২ জানুৱাৰী, ১৮৭৭— ২৮ জুলাই, ১৯৩৯) তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো । তেখেত আমাৰ কাৰণে এটি প্ৰেৰণাৰ উৎস, যাৰ স্বদেশপ্ৰেমৰ ধাৰাই আমাক অনুপ্ৰাণিত কৰি আহিছে ।

 

নিকুঞ্জ শৰ্মা