দেশত পুনৰ কৰʼনাৰ সংক্ৰমন বৃদ্ধি

Pc- WebMD

দেশত পুনৰ কৰʼনাৰ সংক্ৰমন বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা- অসমত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কোভিড সম্পৰ্কীয় নীতি -নিয়ম শিথিল কৰা হৈছে যদিও দেশত কোভিড পৰিস্থিতি বৰ্তমান উন্নত নহয়। পূৰ্বৰ তুলনতা দেশত কোৰোনাৰ সংক্ৰমন হ্ৰাস পাইছিল যদিও আকৌ এবাৰ কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ, কোৰানাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। কেন্দ্ৰীয়  স্বাস্থ্য  মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশত কৰʼনাত নতুনকৈ ৪৭,০৯২ জন লোক সংক্ৰমিত হয়। ৩৫,১৮১ জন লোক কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে। ৫০৯ জন লোকৰ কৰʼনা সংক্ৰমনৰ ফলত মৃত্যু ঘটে। দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক কৰোনা ৰোগী চিনাক্ত হৈছে কেৰালাত। উত্তৰাখণ্ডত কৰʼনাৰ বাবে সান্ধ্য আইন ৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।