আমেৰিকান চাৰ্জিকেল চছাইটিত নিৰ্বাচিত অসমৰ চিকিৎসক ডাঃ সুভাষ খান্না

আমেৰিকান চাৰ্জিকেল চছাইটিত নিৰ্বাচিত অসমৰ চিকিৎসক ডাঃ সুভাষ খান্না

অনলাইন বাৰ্তাসেৱা – অসমৰ চিকিৎসক ডাঃ সুভাষ খান্না আমেৰিকান অস্ত্ৰোপচাৰ সমাজ – চ’চাইটি অফ আমেৰিকান গেষ্ট্ৰোইনটেষ্টিনেল এণ্ডোচাৰ্জনত নিৰ্বাচিত হৈছে। অসমৰ চিকিৎসকজনে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ “এণ্ডোস্কোপী” আৰু “হাৰ্নিয়া” অস্ত্ৰোপচাৰ শাখাৰ প্ৰচাৰ আৰু বিকাশৰ বাবে সেৱা আগবঢ়াব।

এচএজিইএচ ৰ সভাপতি ডাঃ লিয়ানেফেল্ডমেনৰ পৰামৰ্শ অনুসৰি, খান্নাক পৰৱৰ্তী দুবছৰৰ বাবে দুয়োখন সমিতিৰ সেৱা আগবঢ়োৱাৰ বাবে বিশেষজ্ঞ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ সেৱাৰ বাবে নিৰ্বাচিত হোৱা দেশৰ ৩ জন আগশাৰীৰ শল্য চিকিৎসকৰ ভিতৰত খান্না এজন।

ইয়াৰ পূৰ্বে, হায়দৰাবাদত অনুষ্ঠিত সংগঠনটোৰ চতুৰ্দশ বাৰ্ষিক সন্মিলনত গুৱাহাটীৰ ডাঃ সুভাষ খান্নাই ২০১৭ আৰু ২০১৮ বৰ্ষৰ বাবে ইণ্ডিয়ান গেষ্ট্ৰো ইনটেষ্টিনেল লেপাৰোস্কোপিক চাৰ্জন চ’চাইটিৰ নিৰ্বাচিত সভাপতি হিচাবে ঘোষণা হৈছিল।