দেউতা-শ্ৰদ্ধাৰে ভৰা এক বিশেষ শব্দ-দীপাঞ্জলি ভট্টাচাৰ্য্য     

Pc- The Asian age

দেউতা-শ্ৰদ্ধাৰে ভৰা এক বিশেষ শব্দ

এই পৃথিৱীত পিতৃ-মাতৃ দুয়োগৰাকীয়েই এটি পৰিয়ালৰ অভিন্ন অঙ্গ। ‘মা’ এই সৰু মিঠা হৃদয়স্পৰ্শ কৰা শব্দটোৰ দৰে ‘দেউতা’ শব্দটোও শ্ৰদ্ধা মৰম নিৰাপত্তা আৰু নিৰ্ভৰতাৰে ভৰা এক বিশেষ শব্দ, সকলো পৰিয়ালৰ মূল মানুহ জনেই হৈছে দেউতা। আমাৰ সমাজত পিতৃ গৰাকীক পিতাই, পিতা, বাবা,আব্বাজান, পাপা, বুলি সম্বোধন কৰে আৰু এই সম্বোধনত সন্তানৰ আন্তৰিকতা নিহিত হৈ থাকে। পিতৃ-মাতৃৰ প্ৰেমৰ প্ৰতীকৰূপে সন্তান এটি এই পৃথিৱীলৈ অহাৰ পিছত মাতৃ এগৰাকীয়ে লালন পালন কৰি সকলো ক্ষেত্ৰতে পৰিপক্ক কৰি সমাজত এজন সুব্যক্তি হিচাবে গঢ় দিয়াত যিদৰে তেখেতৰ ভুমিকা গুৰুত্বপূৰ্ণ ঠিক সেইদৰে সন্তানৰ চৰিত্ৰ আৰু ভবিষ্যত সুৰক্ষিত কৰাত পিতৃৰ প্ৰভাবো সমানেই গুৰুত্বপূৰ্ণ। তথা সন্তানৰ প্ৰতি পিতৃ এজনৰ এক গধুৰ দায়িত্বত থাকে। যিহেতু শিশু এটিৰ জন্ম, বিকাশ, স্বাস্থ্য চিন্তা, শিক্ষা এই সকলো দিশতে পিতৃ-মাতৃ উভয়ৰে গুৰুত্ব আৰু ভুমিকা অধিক।এগৰাকী পিতৃৰ জীৱনৰ সমগ্ৰ পৰিশ্ৰম, সময় চিন্তা সদায় পৰিয়াল আৰু সন্তানৰ হকে নিয়োজিত হয় মাতৃৰ দৰে পিতৃৰো কষ্ট আৰু দায়িত্ববোধৰ মূল্য কোনো গুণেই কম নহয়।“হাড়ক মাটি কৰি তেজক পানী কৰি” এই পূথিৱীত পিতৃয়ে সন্তানক শিক্ষা দীক্ষাৰে শিক্ষিত কৰি তোলা বা আন দিশটো সন্তান আগ্ৰহী হ’লে সেই দিশটোত সমৰ্থন জনাই বহু কষ্টৰে আগুৱাই যোৱাত প্ৰেৰণা যোগায়। সন্তানৰ সুখৰ কাৰণে নিজা সুখ ত্যাগ কৰি নিঃস্বাৰ্থভাৱে প্ৰয়োজন বোধ পুৰাবলৈ অহৰহ চেষ্টা কৰে। সন্তানৰ ভৱিষ্যত অধিক সুখদায়ক কৰি তুলিবলৈ অশেষ কষ্ট কৰি উপাৰ্জনৰ বাট মুকলি কৰে আৰু একাংশই প্ৰয়োজন হলে পৰিয়ালটো বাস কৰা ঠাইখনৰ পৰা কামৰ তাগিদাত আতঁৰত থাকিবলৈ বাধ্য হয়। বাহিৰত থকা হেতু বহু সন্তানে পিতৃৰ সৈতে বন্ধৰ কালছোৱাতহে একেলগে কটাবলৈ পায়। সন্তানৰ মূৰত মৰমৰে হাত ফুৰোৱা,কপালত চুমা আঁকি দিয়াৰ বাদেও এই পিতৃজনে সন্তানটি সৰু হৈ থাকোতে আজৰিসময়ত কান্ধত তুলি, বোকোচাত উঠাই তথা হাত দুখন মাটিত থৈ চাৰিঠেঙীয়া ঘোঁৰা হৈ পিঠিত বহুৱাই বিছনা অথবা ঘৰখনৰ মজিয়াত ঘূৰি ফুৰি উৎফুল্লিত হোৱাৰ লগতে সন্তানকো আমোদ দিয়ে। প্ৰয়োজনত বহু পিতৃয়ে নিচুকনি গীত গাই সন্তানক শুৱাবলৈ যত্ন কৰা দেখা যায়। থুপুক-থাপাককৈ খোজ দিবলৈ ওলোৱা শিশুটিক পিতৃয়েই আঙুলিত ধৰি খোজকাঢ়িবলৈ শিকায় তথা এইদৰেই এদিন হাতত ধৰি প্ৰথম স্কুলৰ দুৱাৰদলিলৈ লৈ যায়। পিতৃৰ দায়িত্বৰে যিদৰে তেওঁ দায়িত্বশীল তেনেদৰে পিতৃৰ উমাল মৰম স্নেহেৰেও মৰমিয়াল তেওঁ।

     আমাৰ সমাজত এনে বহু পিতৃ আছে যিজনৰ সন্তান বহু সৰু হৈ থাকোতে পত্নীৰ বিয়োগ হলেও সন্তানৰ কথা চিন্তা কৰি পুনৰ বিয়াবাৰু নকৰাই পিতৃ-মাতৃ উভয়ৰে মৰম আৰু দায়িত্ববোধলৈ লক্ষ্য ৰাখি সন্তানক বৌদ্ধিক, সামাজিক, সাংস্কৃতিক, নৈতিক বিকাশত গুৰুত্ব দি ভৱিষ্যতে এজন সু-ব্যক্তি কৰি গঢ়ি তোলে।

     সি, যি, কি নহওঁক, আজিৰ এই ব্যস্ততাময় পৃথিৱীত পিতৃ-মাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক প্ৰায় শিথিল হৈ পৰিছে। সাম্প্ৰতিক সময়ত পিতৃ-মাতৃ উভয়ে বৃদ্ধবয়সত নিসঙ্গ হৈ পৰা দেখা যায়। তাতোকৈ দুখৰ বিষয় এগৰাকী পিতৃৰ বৃদ্ধবয়সত পত্নীৰ মৃত্যু হʼলে তেখেতৰ অৱস্থা কেনে বেদনাদায়ক হয় সেইয়া সহজেই অনুমেয়। কিন্তু আমাৰ আধুনিক ভোগবাদী সমাজত দায়িত্বশীল আৰু মৰমিয়াল পিতৃজনৰ কথা বহু সন্তানে ডাঙৰ হৈ পাহৰি যায়। জীৱনৰ বিয়লিবেলাত পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে সৈতে সময় আনন্দৰে পাৰ কৰিম বুলি হেপাঁহৰে সজা ঘৰখনতে আজি অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে।

     প্ৰকৃততে, প্ৰতিজন পিতৃয়ে সন্তানৰ পৰা মৰম, চেনেহ, আদৰ-সাদৰ আৰু সন্মান পোৱা উচিত আৰু অকল পিতৃয়েই নহয় পিতৃ-মাতৃ উভয়ৰে দায়িত্ব আদৰ যতন গুৰু্ত্ব সহকাৰে আনন্দৰে মুৰ পাতি লৈ এই পৃথিৱীলৈ অনাৰ ঋণ শুজিবলৈ সদায় যত্নপৰ হোৱা উচিত। নহʼলে আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা দিনক দিনে বাঢ়িবহে।

     যি নহওঁক, সময়ৰ অভাৱৰ বাবেই হওঁক বা আন কাৰণতই হওঁক, আজি কিছুসংখ্যক পিতৃ সন্তানৰ দ্বাৰা উপেক্ষিত হৈ বৃদ্ধাশ্ৰমত সময় অতিবাহিত কৰিব লগা হৈছে বিশেষকৈ অন্তৰ চুই যোৱা কথা এয়ে যে এনে বহু পিতৃৰ বৃদ্ধাশ্ৰমত থকা কালতে মৃত্যু হয় অথচ সন্তানৰ আহিবলৈও সময়ৰ অভাৱ, যি সন্তানক সৰুতে কান্ধত লৈ হাঁহি ধেমালি কৰি ফুৰিছিল। সেই সন্তানে শেষ সময়ত কান্ধত তুলি শ্মশানলৈ  লৈ যোৱাতো দূৰৈৰ কথা খবৰ এটা লোৱাটোও দায়িত্ব বুলি নাভাবে। এইবোৰ কিন্তু ভৱিষ্যতৰ কাৰণে বৰ ভাল কথা হোৱা নাই। গতিকে বৰ্তমান সময়ত উঠি অহা প্ৰজন্মক আমাৰ পৰিয়ালত পিতৃৰ গুৰুত্ব যে অপৰিসীম সেইয়া আৰ্হিৰে দেখুৱাব লাগে তেহে পাৰিবাৰিক বন্ধন বা সম্পৰ্ক দৃঢ় হʼব।

দীপাঞ্জলি ভট্টাচাৰ্য্য