দিল্লী কেপিটেলছৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ

Pc News9live

দিল্লী কেপিটেলছৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ

ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএলৰ হাইভল্টেজ মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানৰ এয়া ক্রমাগত তৃতীয় পৰাজয়। প্রথমে বেটিং কৰি ৰাজস্থানে বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ৪৬ ৰান, ধ্ৰুৱ জুৰেলৰ ৫৩ আৰু অধিনায়ক ৰিয়ান পৰাগৰ দুৰ্দান্ত ৫১ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে ২৬টা বলত ৩টা চাৰি আৰু ৫টা ছয়েৰে ইনিংছটো সজায়। জয়ছোৱাল, ফেৰেইৰা আৰু শুভম ডুবেই ব্যর্থ হোৱা পৰিলক্ষিত হয়। তদুপৰি, টেইল এণ্ডাৰসকলেও অন্তিম অভাৰকেইটাত ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল। দিল্লীৰ হৈ মিছেল স্টার্কে ৪টা উইকেট দখল কৰে। লুংগি এংগিডি আৰু মাধৱ তিৱাৰীয়ে দুটাকৈ উইকেট পায়। লক্ষ্য অনুসৰণ কৰিব আহি দিল্লীৰ অ’পেনাৰ অভিষেক পোৰেল আৰু কে এল ৰাহুলে অর্ধশতকেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। প্রথম উইকেটত ১০৫ ৰানৰ যুটি বন্ধাৰ পাছত অভিষেক পোৰেলে ৫১ ৰান কৰি আউট হয়। ব্যক্তিগত ৫৬ ৰানত ৰাহুলে বিদায় লোৱাৰ পিছত অধিনায়ক অক্ষৰ পেটেলে খেলখন ধৈর্যসহকাৰে আগুৱাই নিয়ে। অক্ষৰ পেটেলে ১৮টা বলত ৩৪ ৰান কৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰ আৰু ব্রিজেছ শৰ্মাই দুটাকৈ উইকেট লাভ কৰে। দিল্লীয়ে ৪টা বল বাকী থকা অৱস্থাত ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।