থাইলেণ্ড অ’পেনত ৰূপৰ পদক লাভ সাত্বিক-চিৰাগ

Pc news18

থাইলেণ্ড অ’পেনত ৰূপৰ পদক লাভ সাত্বিক-চিৰাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ তাৰকা বেডমিণ্টন যুটি সাত্বিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে থাইলেণ্ড অ’পেন ২০২৬ৰ ফাইনেলত পৰাস্ত হৈ পুৰুষৰ ডাবলছত ৰূপৰ পদক লাভ কৰে ৷দেওবাৰে বেংককত অনুষ্ঠিত তীব্র প্রতিদ্বন্দ্বিতামূলক ফাইনেলত ভাৰতীয় যুটিটো ইণ্ডোনেছিয়াৰ লিঅ’ ৰলি কার্নাণ্ডো আৰু ডেনিয়েল মার্টিনৰ বিৰুদ্ধে পৰাজিত হয়। খেলখনত ভাৰতীয় খেলুৱৈদ্বয়ে ধাৰাবাহিকভাৱে চাৰিটা চেম্পিয়ন পইন্ট বচাবলৈ সক্ষম হয় যদিও খিতাপ দখলত ব্যর্থ হয়। ৫৩ মিনিট ধৰি চলা তীব্র উত্তেজনাপূর্ণ মেচখনত সাত্বিক-চিৰাগে ১২-২১, ২৩-২৫ পোনপটীয়া ছেটত পৰাজিত হৈ ৰানাৰ্ছআপতে ক্ষান্ত থাকবলগীয়া হয়। ইয়াৰ লগতে ভাৰতীয় যুটিৰ বিৰুদ্ধে ইণ্ডোনেছিয়ান যুটিটোৱে প্ৰথমটো জয় লাভ কৰে ৷ ইয়াৰ পূৰ্বে দুয়োটা যুটিৰ মাজত হোৱা চাৰিখন মেচতে ভাৰতীয় যুটিটোৱে জয়লাভ কৰিছিল ৷ খেলাখনৰ প্ৰথমাৰ্ধত ভাৰতীয় যুটিটোক সম্পূৰ্ণৰূপে হেঁচাত পৰা যেন দেখা গৈছিল আৰু ইণ্ডোনেছিয়াৰ যুটিয়ে প্ৰথমখন খেলখন ২১-১২ ছেটত জয়লাভ কৰে । দ্বিতীয়াৰ্ধত ভাৰতীয় যুটিটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি খেলখন নিৰ্ণায়ক পৰ্যায়লৈ লৈ যায়, য’ত একেৰাহে পাঁচটা চেম্পিয়নশ্বিপ পইণ্ট ৰক্ষা কৰি ২৩-২৫ ছেটত পৰাস্ত হয় ৷ সাত্বিক আৰু চিৰাগে তৃতীয়বাৰৰ বাবে থাইলেণ্ড অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে ৷ ইয়াৰ পূৰ্বে ২০১৯ আৰু ২০২৪ চনত তেওঁলোকে প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰিছিল । কিন্তু ভাৰতীয় যুটিদ্বয়ে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰাত ব্যৰ্থ হ’ল৷