বেংগালুৰুৰ হাতত ২৩ ৰানত পৰাস্ত পঞ্জাব কিংছ

Pc Deccan Chronicle

বেংগালুৰুৰ হাতত ২৩ ৰানত পৰাস্ত পঞ্জাব কিংছ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্লেঅফৰ স্থান নিগাজি কৰে। দেওবাৰে অনুষ্ঠিত আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক ২৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি বেংগালুৰুৱে বিৰাট কোহলিৰ ৫৮, দেৱদূত পাড়িকালৰ ৪৫ আৰু ভেংকটেশ আয়াৰৰ বিস্ফোৰক ৭৩ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেটৰ বিনিময়ত ২২২ ৰান কৰে। প্ৰত্যুত্তৰত পঞ্জাব কিংছে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৯ ৰানতে ইনিংছ সামৰাত পৰাজয়বৰণ কৰে। দলটোৰ এয়া ক্রমাগত ছয়খন মেচত পৰাজয়। আইপিএলৰ আৰম্ভণিতে চমকপ্রদ প্ৰদৰ্শন কৰা পঞ্জাবে ১৩খন মেচৰ ৬খনত জয়ী হৈ চতুর্থ স্থানত আছে যদিও ধাৰাবাহিক পৰাজয়ে প্লেঅফৰ সম্ভাৱনাও লাহে লাহে ধূসৰ কৰি তুলিছে। উক্ত খেলখনত বিস্ফোৰক বেটছমেন প্রিয়াংশ আৰ্য, প্রভোচিমৰণ আৰু অধিনায়ক শ্রেয়াছ আয়াৰৰ ব্যৰ্থতাই পঞ্জাবৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি বিবেচিত হৈছে। দলটোৰ হৈ শশাংক সিঙে সর্বাধিক ৫৬ ৰানৰ ইনিংছ খেলি জয়ৰ দিশে দলটোক আগুৱাই নিছিল যদিও ২৩ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয়। খেলৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ভেংকটেশ আয়াৰ।