দিল্লীৰ মেয়ৰ হিচাপে জয়লাভ আপৰ শেলী অৱেৰয়ৰ

Pc NDTV.com

দিল্লীৰ মেয়ৰ হিচাপে জয়লাভ আপৰ শেলী অৱেৰয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীবাসীয়ে বুধবাৰে এগৰাকী নতুন পৌৰপতি লাভ কৰে, য’ত আম আদমী পাৰ্টিৰ (আপ) নেতা শেলী অবেৰয়ে ১৫০ টা ভোট লাভ কৰি নিৰ্বাচনত জয়ী হয়। অবেৰয়ে (বিজেপি) প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটত পৰাস্ত কৰি দিল্লীৰ নতুন পৌৰপতি হ’বলৈ সক্ষম হয়। বিজয়ৰ পিছত, আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেলী অবেৰয়ক অভিনন্দন জনায় আৰু কয় যে, “এয়া ৰাইজৰ বাবে এক বৃহৎ বিজয়, কিয়নো বিজেপি পৰাজিত হৈছে।” ইপিনে, দিল্লীৰ নৱ নিৰ্বাচিত পৌৰপতি শেলী অবেৰয়ে কয় যে, “মই আপোনালোক সকলোকে আশ্বাস দিছো যে মই মোৰ সকলো কাম সাংবিধানিক নীতি-নিয়ম অনুসৰি চলাম। মই আশা কৰোঁ যে আপোনালোক সকলোৱে কামসমূহৰ মৰ্যাদা বজাই ৰাখিব আৰু ইয়াৰ মসৃণ কাৰ্যকলাপত সহযোগিতা কৰিব।”