কাতি বিহু আৰু তুলসী গছৰ বৈজ্ঞানিক চিন্তা
বন্দিতা শৰ্মা কন্দলি
অসমীয়া সংস্কৃতিৰ জাতীয় উৎসৱ বিহু তিনিটাৰ প্ৰতিটোৱেই কৃষিভিত্তিক।আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা পালন কৰা কাতি বিহুও ইয়াৰ ব্যতিক্ৰম নহয়।কাতি বিহুত ভড়াঁল খালী হৈ পৰে। সেয়ে এই বিহু কঙালী বিহু বুলি কোৱা হয়। যদিও কঙালী তথাপিও কৃষিজীৱি লোকৰ বিহুৰ উচাহ কমি নাযায়। কিয়নো এই সময়তে ধানে গেৰ ধৰে , সপোনে পোখা মেলে । লʼৰা- বুঢ়া সকলোৱেই আধ্যাত্মিকতাৰে পালন কৰা এই বিহু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায়ক।
বৈষ্ণৱ পৰম্পৰাত তুলসীৰ এক বিশেষ স্থান আছে।পুৰাণৰ মতে তুলসী সৰ্ব পাপহাৰী। কাতি মাহত এশ আঠ পাত তুলসী ৰঙা চন্দনৰ সৈতে বিষ্ণু দেৱতাৰ নামত অৰ্পণ কৰিলে পুণ্য অৰ্জন হয় বুলি বিশ্বাস আছে। অসমীয়া সমাজত তুলসী এবিধ অতি পবিত্ৰ উদ্ভিদ। সেয়ে তুলসীৰ পূজা কৰা হয় । তুলসীৰ ঘ্ৰাণ লৈ যাত্ৰা কৰিলে যাত্ৰা শুভ হয় বুলি বিশ্বাস আছে। প্ৰতিদিনে পুৱা তুলসী গছৰ গুৰিত পানী ঢলা আৰু সন্ধিয়া চাকি জ্বলালে আপায় অমংগল দূৰ হয় বুলিও কোৱা হয়। প্ৰচলিত আছে তুলসী দৰ্শনে পুণ্য আৰু স্পৰ্শত পাপ নাশ হয়।
আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি তুলসী অনেক গুণৰ অধিকাৰী।ই এবিধ গুল্মজাতীয় উদ্ভিদ।তুলসীয়ে চৌপাশৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে। তুলসীৰ পাতৰ ৰস কাহ-চৰ্দীৰ মহৌষধ, বেক্টেৰিয়া নাশক , তাৰোপৰি বহুমূত্ৰ ৰোগ,পেটৰ বিষ, পানী লগা, শ্বাস-প্ৰশ্বাস, পিত্তৰোগ,ৰক্ত দোষ , গ্ৰহণী,মুখৰ দুৰ্গন্ধ দূৰ কৰা, অৰুচি আদিৰ সুপথ্য। তুলসী উচ্চ ৰক্তচাপ, কলেষ্টেৰল ৰোধ , হৃদৰোগ আদিৰো উপযুক্ত ঔষধ। অৰ্থাৎ তুলসীয়ে এণ্টিঅক্সিডেণ্টৰ কাম কৰে। তুলসীৰ পৰা এবিধ সুগন্ধী তেল নিষ্কাষণ কৰা হয়। তুলসী পাতৰ চাহো এবিধ উত্তম পানীয়।
তুলসীৰ বৈজ্ঞানিক নাম হৈছে Ocimum Sanctum । উদ্ভিদ বিজ্ঞানৰ শ্ৰেণী বৰ্গীকৰণৰ মতে তুলসী লেমিয়ালেচি গোটৰ অন্তৰ্গত। অসমত সাধাৰণতে দেখা পোৱা কেইবিধমান তুলসী হৈছে ৰাম তুলসী, কৃষ্ণ বা ক’লা তুলসী, বন তুলসী,বগা তুলসী আদি। তুলসীয়ে দূষিত বতাহ শোধন কৰে। তুলসী থকা ঠাইত ১০০ ফুট ব্যাসাৰ্দ্ধ জুৰি ব্ৰজপাত পৰিব নোৱাৰে।
কাতি বিহুৰ প্ৰধান আকৰ্ষণ হৈছে তুলসী ভেটি। বিহুৰ দিনা চোতালৰ পূব দিশে মাটিৰ এটি ঢিপ সাজি তাত এটা তুলসী পুলি ৰোৱা হয়। তুলসী পুলি ৰোৱা ভেটি টোৰ চাৰিওফালে কলপুলি ৰুই, ফুলৰ মালা আৰু ফুলৰ পাহিৰে সজায়। তুলসী ভেটি ত আল্পনা আঁকাও দেখা যায়। আজিকালি তুলসী ভেটিৰ প্ৰতিযোগিতা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়তো অনুষ্ঠিত কৰা দেখা যায়।
সন্ধিয়া তুলসী ভেটি ত চাকি জ্বলাই মাহ-প্ৰসাদৰ শৰাই আগবঢ়ায় নাম গুণ গায়। ল’ৰা ছোৱালী হঁতে মাহ-প্ৰসাদ খাই ই ঘৰ – সি ঘৰ ফুৰে।এয়া কেৱল আনন্দ ই নহয় সম্প্ৰীতি ৰ প্ৰতীক। এনেদৰেই বিহুয়ে একতাৰ দোলেৰে অসমীয়া জাতিক ধৰি ৰাখিছে।
