তুলাচনী- শৰ্মিষ্ঠা দেৱী

তুলাচনী

নুজুখিবি সম্বন্ধক
টকাৰ তুলাচনীত
আবেগবোৰে উচুপি কান্দিব,
নামাৰিবি তোৰ
অহং চাৱনি
চকুপানিবোৰে দুগাল তিয়াব ।

তোৰ মৰমত
সেউজীয়া হোৱাৰহে
কথা আছিল ।
কিয় দিলি মোক
হালধীয়া ৰহণ ?
উশাহবোৰ চোন উভতি নাহিব।

শৰ্মিষ্ঠা দেৱী
আমোলা পট্টি, নগাঁও