তুমি- জুপিতা গোস্বামী

pc-oprahdaily

তুমি

চকুৰ চাৱনিৰে,
সমস্ত আৱেগ কাঢ়ি নিয়া
তুমি।
তোমাৰ দুচকুতে আছে
অসংখ্য নীলা।
যি নীলাই জীপাল কৰে
মোৰ তৃষ্ণাৰ্ত হৃদয়।
নাজানো,
তোমাৰ বাবে
প্ৰেমৰ সংজ্ঞা কি?
মোৰ বাবেতো,
প্ৰেমৰ বিশালতাই তুমি,
প্ৰেমৰ মধুৰতাই তুমি,
হৃদয় স্তব্ধ কৰি নিয়া
উষ্ণ আৱেগ তুমি।
তুমিয়েইতো,
মোৰ কলিজাৰ
এটুকুৰা খহাই নিয়া,
মৰমৰ ঢল বোৱাই।
প্ৰেমত পৰিবলৈ বাৰু
কিহৰ প্ৰয়োজন?
প্ৰেমেৰে পূৰ্ণ কৰিবলৈ
মোৰ দৰে এখন শূন্য হৃদয়,
নে
প্ৰেমৰ ৰাগীত মতলীয়া কৰা
তোমাৰ দৰেই নীলিম দুচকু।

জুপিতা গোস্বামী