ডেনমাৰ্কৰ  প্ৰধানমন্ত্ৰী মেট্টে ফ্রেডেৰিস্কেন তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

Pc- zee news

ডেনমাৰ্কৰ  প্ৰধানমন্ত্ৰী মেট্টে ফ্রেডেৰিস্কেন তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা- ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্রেডেৰিস্কেন তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্রী মোদীৰ সৈতে ডেনিছ প্ৰধানমন্ত্ৰী মেট্টে ফ্রেডেৰিস্কেনৰ এক  দ্বিপাক্ষিক বৈঠক মিলিত  হয়। এই বৈঠকৰ পাছত ডেনিছ প্ৰধানমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি কয় যে এক নিযুত পৰিয়াললৈ বিশুদ্ধ পানী যোগান আৰু নবীকৰণ শক্তিৰ ক্ষেত্ৰত প্রধানমন্ত্রী মোদী যি উদাহৰণ দাঙি ধৰিছে তাৰ বাবে বিশ্বৰ বাকী দেশসমূহৰ অনুপ্ৰেৰণামূলক নেতা। দ্বিপাক্ষিক বৈঠকত ডেনিছ প্রধানমন্ত্ৰীৰ সৈতে প্রধানমন্ত্রী মোদীয়ে নবীকৰণ শক্তি সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্রী মোদীয়ে ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নবীকৰণ শক্তিৰে লক্ষ্য নিৰ্ধাৰণ কৰাটো প্ৰত্যাহ্বান বুলি উল্লেখ কৰে  । ডেনিছ প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু তেওঁৰ দেশৰ সম্পৰ্কক মন্তব্য কৰি কয় যে দুয়োখন গণতান্ত্রিক দেশে নিয়ম আধাৰিত আন্তর্জাতিক ব্যৱস্থাক বিশ্বাস কৰে। ভাৰত আৰু ডেনমার্কৰ মাজত সহযোগিতা এক উদাহৰণ। কেনেকৈ সেউজ বিকাশ আৰু সেউজ পৰিৱৰ্তন হাতে হাত ধৰি আগবঢ়াই নিব পাৰি। নতুন দিল্লীৰ হাইদৰাবাদ হাউছত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত কৰা হয়। ডেনমার্কৰ আৰহাছ বিশ্ববিদ্যালয়, জিঅ’লজিকেল ছাৰ্ভে আৰু গ্ৰীণলেনৰ সৈতে হাইদৰাবাদৰ কাউন্সিল অৱ চাইনট্রিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছাৰ্ছৰ মাজত হোৱা