ৰিলায়েন্স স্বত্বাধিকাৰী মুকেশ আম্বানী ১০০ বিলিয়ন মার্কিন ডলাৰ ক্লাবত  স্থান লাভ

Pc- the financial Express

ৰিলায়েন্স স্বত্বাধিকাৰী মুকেশ আম্বানী ১০০ বিলিয়ন মার্কিন ডলাৰ ক্লাবত  স্থান লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰিলায়েন্স স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে বিশ্বৰ ধনাঢ্য ব্যক্তি জেফ বেজছ-এলন মার্ক্সৰ লগতে ১০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী ব্যক্তিৰ শাৰীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ব্লুমবার্গ বিলিয়নাৰ্ছ ইনডেস্কে প্রকাশ কৰা অনুসৰি চলিত বৰ্ষত ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২৩.৮ বিলিয়ন মার্কিন ডলাৰ বৃদ্ধি পাইছে। ৬৪ বছৰীয়া মুকেশ আম্বানীয়ে তেওঁৰ পিতৃ ধীৰুভাই আম্বানীৰ সাম্ৰাজ্য ২০০৫ চনত নিজৰ হাতলৈ অনাৰ পাছতে মুকেশ আম্বানীয়ে তেল শোধনাগাৰ আৰু পেট্র’ কেমিকেল ব্যৱসায়ক প্ৰসাৰণ ঘটাই শক্তি প্রযুক্তি, ই-কর্মাচ, ম’বাইল নেট ৱৰ্ক আদিৰ সাম্ৰাজ্য গঢ়ি তোলে। সম্প্রতি ভাৰতৰ বজাৰত আম্বানীৰ টেলিকমিউনিকেচন ব্যৱসায়ে আধিপত্য বিস্তাৰ কৰি আছে। বিগত বৰ্ষত ৰিটেল আৰু প্ৰযুক্তি ব্যৱসায়ত ২৭ বিলিয়ন মার্কিন ডলাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হয়।