ডিমাকুছিৰ শিমলুগুৰিত ডাইনী সন্দেহত চাৰি সন্তানৰ মাতৃক হত্যা

ডিমাকুছিৰ শিমলুগুৰিত ডাইনী সন্দেহত চাৰি সন্তানৰ মাতৃক হত্যা

অমৰজিৎ ৰাভা, ওদালগুৰি ,ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁ‌ৱত ডাইনীৰ সন্দেহত এগৰাকী চাৰি সন্তানৰ মাতৃক নৃৃৃৃশংসভাবে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।  প্ৰাপ্ত খবৰ অনুসৰি গাঁও খনৰ গণ্ডুৰ গৌৰৰ  পত্নী তথা চাৰি সন্তানৰ মাতৃ ফুলমতী গৌৰ(৫২)ক যোৱা নিশা অমিত গৌৰ নামৰ যুৱক  এজনৰ নেতৃত্বত গাঁও খনৰে  মহিলা গৰাকীৰ আত্মীয় কেইজন মানে মিলি ডাইনী সন্দেহত মৰ্মান্তিক ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে। ঘটনাৰ খবৰ পাই আজি  ডিমাকুছিৰ আৰক্ষী গাঁও খনত উপস্থিত হৈ তদন্ত চলাই ঘটনাৰ মূল নায়ক অমিত গৌৰৰ লগতে মনিৰাম গৌৰ, জিতেন গৌৰ, অঞ্জলী গৌৰ,  আৰু কমলা গৌৰক আটক কৰে আৰু  মৃত ফুলমতী গৌৰৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।  ইপিনে বিজ্ঞান ,তথ্য প্ৰযুক্তিৰ চৰম উন্নতিৰ দিনত   অন্ধবিশ্বাসৰ বশবৰ্ত্তী হৈ ডাইনীৰ সন্দেহত এগৰাকী নিৰীহ, নিৰপৰাধী মহিলাক নৃশংস ভাৱে মৰিয়াই হত্যা কৰা ঘটনাক স্থানীয় আছা, আটছাৰ নেতৃবৃন্দৰ লগতে বিভিন্ন জনে কঠোৰভাৱে গৰিহণা দিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে