ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজনৰ প্ৰস্তুতি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ উচ্চ শিক্ষানুস্থান শিক্ষানুষ্ঠান ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত অহা ২৬ আৰু ২৭ জুনত দুদিনীয়া কাৰ্যসূচীৰে এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষ আৰু ইংৰাজী বিভাগৰ উদ্যোগত, তথা জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই আলোচনা চক্ৰৰ মূল বিষয় হৈছে “মানৱ যোগাযোগৰ ক্ৰমবিকাশৰ ৰূপৰেখা: প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু সামাজিক পৰিসৰ”।আলোচনাত যুক্তৰাষ্ট্ৰৰ বৃষ্টল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ড° তাৰা পুৰী অনলাইন মাধ্যমত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব হাৰিয়ানাৰ আৰ কে এছ ডি পি জি কলেজৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° সূৰুজ ৱালিয়া আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ডঃ সুৰেণ্ডৰ সিং।আয়োজক মণ্ডলীয়ে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ গৱেষক, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী, পলিচি নিৰ্মাতা, মিডিয়া বিশেষজ্ঞ আৰু দাৰ্শনিকসকলৰ পৰা গৱেষণা পত্ৰৰ আহ্বান জনাইছে। গৱেষণা পত্ৰৰ সাৰাংশ জমা দিয়াৰ অন্তিম তাৰিখ অহা ১০ জুন,২০২৬ নিৰ্ধাৰণ কৰা হৈছে।আলোচনা চক্ৰৰ মুখ্য উপদেষ্টা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেব গগৈ আৰু মুখ্য পৃষ্ঠপোষক ডিব্ৰুগড়ৰ উদ্যোগী সমাজসেৱক তথা চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতি প্ৰসাদ কানৈয়ে সকলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ কৰাৰ আহ্বান জনাইছে।এই সন্দৰ্ভত অধিক তথ্য মহাবিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ আছে বুলি আলোচনা চক্ৰৰ সমন্বয়ক ড° লুকু মৰাং, সহযোগী সমন্বয়ক ড° ইপ্সিতা ভট্টাচাৰ্য আৰু নাজৰানা হকে জানিবলৈ দিয়ে।
