ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১৬২ ক জলপানি বিতৰণ

ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১৬২ ক জলপানি বিতৰণ: মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ১০ লাখ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা- ২০২৬ ৰ অধীনত মানকটা সমষ্টিৰ মুঠ ১৬২ গৰাকী শিক্ষাৰ্থীক জলপানি প্ৰদান কৰা হয়৷ ইয়াৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১২৮ গৰাকী শিক্ষাৰ্থীক শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা হিচাপে জলপানি প্ৰদান কৰা হয় দহ হেজাৰকৈ টকাৰ চে’ক৷ আনহাতে সমষ্টিটোৰ পৰা দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৩৪ গৰাকী শিক্ষাৰ্থীক জ্ঞান বিকাশ যোজনাৰ অধীনত প্ৰদান কৰা হয় পাঁচ হেজাৰকৈ টকাৰ চে’ক৷ এই উপলক্ষে ডিব্ৰুগড় জিলা পুথিভঁৰালত আয়োজন কৰা ‘শৈক্ষিক জলপানি প্ৰদান অনুষ্ঠান’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে কয় যে সমষ্টিটোৰ এইসকল শিক্ষাৰ্থী অনাগত দিনৰ একোপাহ সুগন্ধি ফুল৷ এওঁলোকৰ সুঘ্ৰাণত অনাগত দিনত সমাজখন আলোড়িত হ’ব আৰু আদৰ্শ অনুসৰণ কৰিব৷ এইসকল শিক্ষাথীৰ্ক দক্ষতাসম্পন্ন কৰি তুলিবলৈ পৰিষদে কোনো ধৰণৰ ক্ৰুটি নকৰে বুলি উল্লেখ কৰি কয় যে এইবাৰ আই আই টি পঢ়িবলৈ সুযোগ লাভ কৰা জনজাতিটোৰ চাৰি গৰাকী দুখীয়া শিক্ষাৰ্থীক ৭৫ হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ যোৱা দুগৰাকী শিক্ষাৰ্থীক এক লাখকৈ আৰ্থিক সাহাৰ্য্য আৰু নতুন দিল্লীৰ শ্ৰীৰাম কমাৰ্ছ কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা এগৰাকী দুখীয়া শিক্ষাৰ্থীক ৫০ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হৈছে বুলিও মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ আনহাতে উজনি অসমত সংঘটিত হোৱা শেহতীয়া প্ৰলয়ংকাৰী বানপানীত বিধ্বস্ত হোৱা শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজৰ বাবে পৰিষদৰ প্ৰতিগৰাকী সদস্যই পোন্ধৰ দিনৰ দৰমহা আগবঢ়োৱাৰ লগতে চৰাইদেউ জিলাত বানপীড়িত তিনিখন সোনোৱাল গাঁও ক্ৰমে চিংল’জান, বৰবিল আৰু কলীয়ামাটিৰ প্ৰায় দুশটা পৰিয়ালক ৰবিশস্যৰ খেতিৰ বাবে দহ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য্য পুঁজিলৈ দহ লাখ টকাৰ সাহাৰ্য্য আগবঢ়োৱা হ’ব বুলিও মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে ঘোষণা কৰে৷ সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ সোনোৱালেও শুভেচ্চামূলক ভাষণ প্ৰদান কৰা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে মানকটা সমষ্টিৰ কাৰ্যবাহী সদস্য ঋষিকেশ শইকীয়াই৷ সভাত পৰিষদৰ শিক্ষা বিভাগে গ্ৰহণ কৰি আঁচনিসমূহৰ সম্পৰ্কত ব্যাখ্যা কৰে বিভাগীয় কাৰ্যবাহী সদস্য খনিন্দ্ৰ সোনোৱালে৷ পৰিষদৰ প্ৰেছ উপদেষ্টা পেইম থি গোহাঁয়ে আঁতধৰা অনুষ্ঠানত পৰিষদৰ প্ৰধান সচিব বিদিত দাস, কাৰ্যবাহী সদস্য ৰিদিপ হাজৰিকা, বিশ্বজিৎ সোনোৱাল, সাধাৰণ সদস্য জীৱন সোনোৱাল, ৰমনী হাজৰিকা, অনামিকা বৰশইকীয়া, ড॰ নন্দিনী ডেকা, দিপ্তী সোনোৱাল, ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকা, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপ সভাপতি বিষ্ণু সোনোৱালকে ধৰি জলপানি প্ৰাপক শিক্ষাৰ্থী আৰু অভিভাৱকসহ দুই শতাধিক লোক উপস্থিত থাকে৷